NORTHEAST NOW (Assamese)
দেশ

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 24, 2026 7:54 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

আদালতৰ শুনানিৰ অডিঅ’ বা ভিডিঅ’ ক্লিপ কাটি ছ’চিয়েল মিডিয়াত পোষ্ট কৰা, ৰি-পোষ্ট কৰা বা তাৰ পৰা ধন উপাৰ্জন কৰাৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।

শুক্ৰবাৰে এক অন্তৱৰ্তীকালীন নিৰ্দেশত উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ জনাই দিছে যে আগতীয়া অনুমতি নোহোৱাকৈ ছ’চিয়েল মিডিয়া বা কোনো ডিজিটেল প্লেটফৰ্মত আদালতৰ কক্ষৰ শুনানিৰ ৰেকৰ্ডিং পোষ্ট বা শ্বেয়াৰ কৰিব পৰা নাযাব।

ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ দ্বাৰা গঠিত তিনিজনীয়া বিচাৰপীঠে এই তাৎপৰ্যপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে।

আইনী সংবাদভিত্তিক ৱেবছাইট লাইভ ল’ৰ প্ৰতিবেদন অনুসৰি, এতিয়াৰে পৰা উচ্চতম ন্যায়ালয় বা যিকোনো উচ্চ ন্যায়ালয়ৰ শুনানিৰ অডিঅ’-ভিডিঅ’ ক্লিপ ৰাজহুৱাভাৱে শ্বেয়াৰ কৰিবলৈ হ’লে আদালতৰ আগতীয়া অনুমতি লোৱাটো বাধ্যতামূলক হ’ব।

শীৰ্ষ আদালতৰ বিচাৰপীঠে তেওঁলোকৰ নিৰ্দেশত স্পষ্টকৈ উল্লেখ কৰিছে যে সংশ্লিষ্ট উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক প্ৰধান অথবা উচ্চতম ন্যায়ালয়ৰ সচিব প্ৰধানৰ পূৰ্বানুমতি নোহোৱাকৈ ছ’চিয়েল মিডিয়া বা অন্য কোনো ডিজিটেল প্লেটফৰ্মত ন্যায়িক প্ৰক্ৰিয়াৰ অডিঅ’ বা ভিডিঅ’ ৰেকৰ্ডিং সংগ্ৰহ, সম্পাদনা, প্ৰচাৰ, পোষ্টিং, ৰি-পোষ্টিং, আপলোডিং বা মনিটাইজেচন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। সাম্প্ৰতিক সময়ত ইউটিউব আৰু বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত আদালতৰ লাইভ ষ্ট্ৰিমিঙৰ সৰু সৰু অংশ শ্বৰ্টছ বা ৰিলছ হিচাপে কাটি, বিতৰ্কিত আৰু বিভ্ৰান্তিকৰ শিৰোনাম দি আপলোড কৰাৰ প্ৰৱণতা অতিমাত্ৰা বৃদ্ধি পাইছে। আনকি বহুতে এই সকলোবোৰ ভিডিঅ’ৰ পৰা আৰ্থিক মুনাফাও আদায় কৰি আছে, যিয়ে আদালতৰ ভাবমূৰ্তি আৰু বিচাৰ প্ৰক্ৰিয়াৰ নিৰপেক্ষতাত আঘাত হানিছে। এই প্ৰৱণতাত লেকাম টানিবলৈকে শীৰ্ষ আদালতে এই কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰিছে।

অৱশ্যে আইনী সজাগতা আৰু সাধাৰণ মানুহৰ তথ্যৰ অধিকাৰৰ কথা বিবেচনা কৰি সাধাৰণ সংবাদ পৰিৱেশনৰ ওপৰত কোনো বাধা আৰোপ কৰা নাই সৰ্বোচ্চ আদালতে। উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ জনাই দিছে যে আদালতৰ নিৰ্দেশৰ এই অন্তৱৰ্তীকালীন স্থগিতাদেশ বা কঠোৰ নীতিয়ে মূলসুঁতিৰ সংবাদ মাধ্যমসমূহৰ দৈনন্দিন সংবাদ পৰিৱেশন বা ৰিপ’ৰ্টিঙৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰিব। অৰ্থাৎ সাংবাদিকসকলে স্বাভাৱিক নিয়মতেই আদালতৰ শুনানিৰ খবৰ আৰু ৰিপ’ৰ্ট প্ৰকাশ কৰিব পাৰিব।