NORTHEAST NOW (Assamese)
Popular Stories

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 27, 2026 10:16 am
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

দেওবাৰে বিয়লি ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ শৈক্ষিক ভৱনৰ পৰা পৰি এগৰাকী তৃতীয় বাৰ্ষিকৰ বি টেক ছাত্ৰৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ চৌহদত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে প্ৰাথমিকভাৱে এই ঘটনাক আত্মহত্যা বুলি সন্দেহ কৰিছে যদিও তদন্ত প্ৰক্ৰিয়া আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব।

 

প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে বিয়লি প্ৰায় ২:৩০ বজাত এই ঘটনা সংঘটিত হয়। প্ৰাথমিক অনুসন্ধানত পোহৰলৈ অহা মতে, মৃত ছাত্ৰগৰাকীক প্ৰতিষ্ঠানটোৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ তৃতীয় বাৰ্ষিকৰ ছাত্ৰ ৰিতেশ ৰাজ সিং বুলি চিনাক্ত কৰা হৈছে। ব্ৰহ্মপুত্ৰ ছাত্ৰাৱাসৰ আৱাসী ৰিতেশে প্ৰতিষ্ঠানটোৰ শৈক্ষিক ভৱনৰ পঞ্চম মহলাৰ পৰা জাঁপ দিয়া বুলি সন্দেহ কৰা হৈছে। সূত্ৰই প্ৰকাশ কৰা মতে, ৰিতেশ এগৰাকী মেধাৱী ছাত্ৰ আছিল আৰু তেওঁৰ শৈক্ষিক অভিলেখ আছিল অতি উৎকৃষ্ট। শেহতীয়াকৈ তেওঁ গোল্ডমেন চেক্স নামৰ বিশ্বৰ অন্যতম আগশাৰীৰ বিনিয়োগ বেংকিং প্ৰতিষ্ঠানটোত ইণ্টাৰ্নশ্বিপো লাভ কৰিবলৈ সক্ষম হৈছিল।

 

এই শোকাবহ ঘটনাৰ পিছতে আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহালে প্ৰতিষ্ঠানটোৰ সমূহ সদস্যলৈ এক ইমেইলযোগে ছাত্ৰগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। সঞ্চালকগৰাকীয়ে ইমেইলটোত উল্লেখ কৰে যে অতি দুখৰে তেওঁ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ তৃতীয় বাৰ্ষিকৰ ছাত্ৰ তথা ব্ৰহ্মপুত্ৰ ছাত্ৰাৱাসৰ আৱাসী ৰিতেশ ৰাজ সিঙৰ অকাল মৃত্যুৰ খবৰটো অৱগত কৰিছে। এয়া আই আই টি গুৱাহাটী পৰিয়ালৰ বাবে এক গভীৰ ক্ষতি। প্ৰতিষ্ঠানটোৱে তেওঁৰ পৰিয়ালৰ সৈতে অহৰহ যোগাযোগ ৰাখিছে আৰু এই কঠিন সময়ত প্ৰয়োজনীয় সকলো সহায় আগবঢ়াইছে বুলি তেওঁ জানিবলৈ দিয়ে।

 

ইতিমধ্যে কামৰূপ আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আনুষ্ঠানিক তদন্ত আৰম্ভ কৰিছে। আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, ছাত্ৰগৰাকীৰ মৃত্যুৰ আঁৰৰ পৰিস্থিতি এতিয়াও নিশ্চিত হোৱা নাই আৰু সকলো দিশ সামৰি অতি গুৰুত্ব সহকাৰে তদন্ত চলাই থকা হৈছে। যদিহে তদন্তত এই ঘটনা আত্মহত্যা বুলি প্ৰমাণিত হয়, তেন্তে ২০২৬ বৰ্ষত আই আই টি গুৱাহাটীত সংঘটিত এয়া প্ৰথমটো ছাত্ৰ আত্মহত্যাৰ ঘটনা হিচাপে পৰিগণিত হ’ব। উল্লেখযোগ্য যে ২০২৪ চনত প্ৰতিষ্ঠানটোত চাৰিগৰাকীকৈ ছাত্ৰই আত্মহত্যা কৰা ঘটনাই চৌহদত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য, শৈক্ষিক চাপ আৰু নিৰাপত্তাক লৈ ব্যাপক উদ্বেগ আৰু চৰ্চাৰ সৃষ্টি কৰিছিল।