NORTHEAST NOW (Assamese)
Popular Stories

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 27, 2026 3:21 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

কানাডাৰ টৰন্টোত এগৰাকী ২৬ বছৰীয়া ভাৰতীয় মূলৰ যুৱতীক গুলীয়াই হত্যা কৰা হৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে, হত্যাকাৰীয়ে প্ৰথমে যুৱতীগৰাকীক নাম ধৰি মাতি ৰখাইছিল। তাৰ পিছত দুয়োৰে মাজত কিছু কথা-বতৰা হয় আৰু হঠাতে আক্ৰমণকাৰীয়ে গুলীচালনা কৰে। এই ঘটনাত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

টৰন্টো আৰক্ষীয়ে জনোৱা মতে, স্থানীয় সময় অনুসৰি পুৱা ৭ বাজি ২৩ মিনিটত তেওঁলোকে এই আক্ৰমণৰ খবৰ লাভ কৰে। নিহত যুৱতীগৰাকীৰ নাম নৱনীত কৌৰ। এই ঘটনাত জড়িত থকাৰ সন্দেহত শৰণজিৎ সিং নামৰ ৩৭ বছৰীয়া এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে কি কাৰণত এই হত্যাৰ ঘটনা সংঘটিত হ, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, নৱনীত ৰাস্তাৰে খোজকাঢ়ি গৈ আছিল। তেনেতে অভিযুক্ত শৰণজিতে তেওঁক নাম ধৰি মাতি ৰখাইছিল। দুয়োৰে মাজত সাধাৰণ কথা-বতৰা চলি থকাৰ মাজতেই শৰণজিতে গুলীচালনা কৰে। গুলী লগাৰ লগে লগে নৱনীত মাটিত ঢলি পৰে। অভিযুক্তজন লগে লগে তাৰ পৰা দৌৰি পলাই যায়। ভিৰৰ মাজত তেওঁক ধৰিব পৰা নগল যদিও পিছত আৰক্ষীয়ে ড্ৰোনৰ সহায়ত তেওঁক বিচাৰি উলিয়ায় আৰু গ্ৰেপ্তাৰ কৰে। দুখজনকভাৱে যুৱতীগৰাকীক বচাব পৰা নগ, ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়। প্ৰত্যক্ষদৰ্শীয়ে লগতে কয় যে তেওঁলোকৰ মাজত কোনো ধৰণৰ কাজিয়া বা তৰ্ক-বিতৰ্ক হোৱা দেখা পোৱা নাছিল। আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰু ৰাইজক কোনো তথ্য থাকিলে জনাবলৈ অনুৰোধ কৰিছে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বেও পঞ্জাৱৰ পৰা কানাডালৈ পঢ়িবলৈ যোৱা আন এগৰাকী ভাৰতীয় ছাত্ৰীৰ কানাডাত মৃত্যু হৈছিল। কানাডাৰ এডমন্টনত আৰক্ষীয়ে তেওঁক নিজৰ ঘৰৰ ভিতৰতে অচেতন অৱস্থাত উদ্ধাৰ কৰিছিল। চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ তিনিদিন পিছত দমনপ্ৰীত কৌৰ নামৰ ২৩ বছৰীয়া যুৱতীগৰাকীৰ মৃত্যু হয়। মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহে যে তেওঁক ডিঙি চেপি হত্যা কৰা হৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে দমনপ্ৰীতৰ ২২ বছৰীয়া লিভ-ইন পাৰ্টনাৰ ৰিতীশ কুমাৰক গ্ৰেপ্তাৰ কৰে।