NORTHEAST NOW (Assamese)
অসম

দুই চেমনীয়া ভাতৃৰ উপস্থিত বুদ্ধিৰ বাবেই প্ৰাণ ৰক্ষা পৰিল সমনীয়া সজলৰ

Posted by: পংকজ কুমাৰ দেব June 29, 2018 10:16 am
20180628_153349

উত্তৰ কাছাৰৰ মাইবাঙ অঞ্চলত এতিয়া দুই ভাতৃৰ জয়গান। সকলোৰে মুখে মুখে এতিয়া চৰ্চিত দুই ভাতৃ আৰিয়ান আৰু ৰিয়ানৰ নাম। উপস্থিত বুদ্ধি তথা সাহসিকতাৰ বাবে এই দুই ভাতৃ এতিয়া এটা পৰিয়ালৰ বাবে হৈ পৰিছে ভগৱান সদৃশ।

হয়, এই ভাতৃদ্বয়ৰ বাবেই মৃত্যুমুখৰ দুৱাৰ দলিৰ পৰা ঘুৰি আহিবলৈ সক্ষম হ’ল মাইবাঙ আৰক্ষী থানাৰ অন্তৰ্গত কালাচান্দৰ কিশোৰ সজল ফংল’।

উল্লেখ্য যে যোৱা দেওবাৰে স্কুল বন্ধ হোৱা কাৰণে সজল, আৰিয়ান আৰু ৰিয়ান তিনি বন্ধুৱে ঘৰৰ সমীপৱৰ্তী কালাচান্দ পুৰণি ষ্টেশ্যনৰ পিছফালে থকা আম গছৰ পৰা আম পৰাৰ উদ্দেশ্যে গৈছিল। আম গছত উঠিছিল সজল আৰু গছৰ তলত আছিল আৰিয়ান আৰু ৰিয়ান। আৰু তেতিয়াই সংঘটিত হয় এক দুৰ্ঘটনা। সজলে আম কঢ়িযাই অনাৰ কাৰনে প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়ত হঠাতে গছৰ ডাল ভাঙি বোকাময় নলাত পৰাত সজলৰ মুৰ বোকাত সোমাই পৰে।

লগে লগে সৃষ্টি হয় অবাঞ্চিত পৰিস্থিতি। বন্ধুৰ প্ৰাণ বচাবলৈ লগে লগে নলাত জাপ দিলে ৰিয়ান। কিন্তু নলাৰ গভীৰতা বেছি হোৱাত সজলক বোকাৰ পৰা উঠাই অনাতো আছিল কষ্টসাধ্য। কিন্তু সাহসিকতাৰ নিদৰ্শন দাঙি ধৰি ৰিয়ানে সজলৰ মূৰটো বোকাৰ পৰা উঠাই ভাতৃ আৰিয়ানক ঘৰত খবৰ দিয়াৰ বাবে নিৰ্দেশ দিয়ে।

IMG-20180627-WA0032

কিন্তু আৰিয়ানে ঘৰত খবৰ দিয়াৰ বিপৰীতে নিজে নলাত নামে আৰু সজলক সুকলমে ধৰি ৰাখিবলৈ নিৰ্দেশ দি ৰিয়ানে ওচৰ চুবুৰীয়া তথা ঘৰত খবৰ দিবলৈ ধাৱমান হয়।

লগে লগে প্ৰতিবেশী ৰাইজ উপস্থিত হৈ জ্ঞান হেৰুৱাই পেলোৱা সজলক উদ্ধাৰ কৰি ততাতয়াকৈ মাইবাং হাস্পাতালৰ চিকিৎসকৰ জৰিয়তে চিকিৎসা কৰায়। কিন্তু জ্ঞান ঘূৰাই অনাত বিফল হোৱাত সজলক উন্নত চিকিৎসাৰ বাবে হাফলঙলৈ নিয়াৰ পৰামৰ্শ দিয়ে।

উপস্থিত লোক তথা পৰিয়ালৰ লোকৰ তৎপৰতাত এম্বুলেন্সৰ সহায়েৰে হাফলঙলৈ লৈ যোৱাৰ সময়তে সজলে জ্ঞান ঘূৰাই পাই যদিও উন্নত চিকিৎসা প্ৰদানৰ বাবে ভৰ্তি কৰে হাফলং চিকিৎসালয়ত। মূৰত আৰু সোঁহাতত সামান্য আঘাত লাগিছে যদিও হাফলঙত দুদিন চিকিৎসা চলোৱাৰ পাছত এতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠিছে সজল।

কণমানি ভাতৃদ্বয়ৰ সাহসিকতা তথা উপস্থিত বুদ্ধিক এতিয়া সকলোৱে শলাগ লোৱা পৰিলক্ষিত হৈছে।