NORTHEAST NOW (Assamese)
অসম

Beltola couple murder case: বৰুৱা দম্পতিক আকাশে কিয় হত্যা কৰিছিল? আৰক্ষীৰ চাৰ্জশ্বীটত বিস্ফোৰক তথ্য

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী January 22, 2022 5:29 pm
Beltola couple murder case: বৰুৱা দম্পতিক আকাশে কিয় হত্যা কৰিছিল? আৰক্ষীৰ চাৰ্জশ্বীটত বিস্ফোৰক তথ্য

ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা বেলতলাৰ বৰুৱা দম্পতি হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল কৰিলে আৰক্ষীয়ে।

আৰক্ষীয়ে দাখিল কৰা চাৰ্জশ্বীটত  বহু কেইটা বিস্ফোৰক তথ্য পোহৰলৈ আহিছে।

চাৰ্জশ্বীটৰ ২ নং পৃষ্ঠাৰ ৯ নং দফাত উল্লেখ থকা অনুসৰি হত্যাৰ বলি হোৱা ননী গোপাল বৰুৱাৰ সৈতে হত্যাকাৰী আকাশ চৌধুৰীৰ পত্নী পুতু দাসৰ অবৈধ সম্পৰ্ক আছিল। বৰুৱা দম্পতিৰ হত্যাৰ ইয়ো এক মূল কাৰণ আছিল।

ইয়াৰোপৰি আন কেইবাটাও কাৰণৰ বাবে আকাশ চৌধুৰীয়ে বৰুৱা দম্পতিক হত্যা কৰিছিল।

আকাশৰ পত্নী পুতু দাসৰ নামত বৰুৱা দম্পতিয়ে লিখি দিয়া মাটি খিনি আকাশে তেওঁৰ নামত লিখি দিবলৈ কৈছিল। কিন্তু বৰুৱা দম্পতিয়ে তেনে নকৰাত তেওঁলোকক হত্যা কৰা হয়।

আকাশ চৌধুৰীয়ে এখন চাৰিচকীয়া বাহন বিচাৰিছিল যদিও সেই খন কিনি নিদিয়াৰ বাবে বৰুৱা দম্পতিক আকাশে হত্যা কৰে। ননী গোপাল বৰুৱাৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ কথা আনকি আকাশৰ পত্নী পুতু দাসেও স্বীকাৰ কৰা বুলি আৰক্ষীৰ চাৰ্জশ্বীটত প্ৰকাশ কৰা হৈছে।

উল্লেখ আৰক্ষীৰ নিৰন্তৰ জেৰাৰ পিছতো আকাশ চৌধুৰীয়ে হত্যাকাণ্ড সন্দৰ্ভত কোনো তথ্যই প্ৰকাশ কৰা নাছিল। এনে পৰিস্থিতিত ছায়েণ্টিফিক ইভিডেন্সৰ ওপৰত ভিত্তি কৰিয়েই আৰক্ষীয়ে তদন্ত আগবঢ়াই নিছিল।

আকাশ চৌধুৰীৰ ফিংগাৰপ্ৰিণ্ট বৰুৱা দম্পতীৰ কোঠাৰ খিৰিকী-দুৱাৰ আদিত পোৱা ফিংগাৰপ্ৰিণ্টৰ হৈছে মিলি যোৱাৰো প্ৰমাণ পোৱা গৈছে।

উল্লেখ্য বিগত বৰ্ষৰ অক্টোৱৰ মাহত বেলতলা চন্দন নগৰৰ বৃদ্ধ দম্পতী ক্ৰমে ননী বৰুৱা(৮৬) আৰু মীনা বৰুৱাক(৮০) আকাশ চৌধৰীয়ে হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

আকাশৰ বিৰুদ্ধে দিছপুৰ থানাত ভাৰতীয় দণ্ড বিধিৰ 458,380,302 ধাৰাত 3900/21 নম্বৰত ৰুজু কৰা হৈছিল গোচৰ।