NORTHEAST NOW (Assamese)
অসম

চামগুৰিত জম্মু-কাশ্মীৰত নিহত চহিদ জোৱানলৈ আছু-বিজেপিৰ শ্ৰদ্ধাঞ্জলি

Posted by: বিদ্যুৎ জ্যোতি বৰা February 16, 2019 7:11 am

১৪ ফেব্ৰুৱাৰিত জম্মু কাশ্মীৰত পাকিস্তানৰ সন্ত্ৰাসবাদী জইছ-ই-মহম্মদৰ আত্মঘাতীৰ আক্ৰমণত মৃত্যুক সাবটি লোৱা বীৰ জোৱানসকলক সুঁৱৰি সমগ্ৰ অসম তথা দেশৰ লগতে চামগুৰি আছু বিজেপিয়েও চহিদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শুকুৰবাৰে সন্ধ্যা ৬ বজাত বিজেপিৰ বাজিয়াগাঁও মণ্ডলৰ উদ্যোগত চামগুৰি তিনিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত শতাধিক নেতা-কৰ্মী আৰু স্থানীয় লোকৰ উপস্থিতিত জম্মু কাশ্মীৰত প্ৰাণ আহুতি দিয়া চদিহ বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

একেদৰে চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাইও চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত থকা চহিদ বেদীত বন্তি প্ৰজ্বলন কৰি চদিহ বীৰ জোৱান কেইগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।