উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

দিন যোৱাৰ লগে লগে উজনিৰ বানপানী কিমান প্ৰলংকাৰী আছিল আমি গম পাই আহিছোঁ। এই মুহূৰ্তত আটাইতকৈ প্ৰয়োজনীয় কথাটো হ’ল বানত ক্ষতিগ্ৰস্ত লোকসকলক বান সাহায্য দিয়াটো। এই ক্ষেত্ৰত চৰকাৰে কি কৰিছে নাজানো। ৰাইজে কিন্তু হাত উজাৰি সহায় কৰিছে। মই এনে কম মানুহ পাইছোঁ যি কিবা নহয় কিবা প্ৰকাৰে বান সাহায্য আগবঢ়োৱা নাই। কিন্তু এই যে গাড়ীয়ে গাড়ীয়ে উজনিলৈ বান সাহায্য গৈ আছে, সেইবোৰৰ বিতৰণ যাতে সুসমন্বিতভাৱে হয় তাৰ ওপৰত গুৰুত্ব দিয়া উচিত। এই দায়িত্ব প্ৰশাসনৰ। প্ৰশাসনে পশুধনৰ নিৰাপত্তা আৰু আপডালতো সমানে গুৰুত্ব দিয়া উচিত।
সাহায্যৰ পিছত আহিল ক্ষয়-ক্ষতিৰ প্ৰশ্নটো। ক্ষয়-ক্ষতিৰ প্ৰকৃত খতিয়ান কোনে উলিয়াব? কেনেকৈ উলিয়াব? এইটো প্ৰায় অসম্ভৱ।এটা কথা সঁচা— ১৯৫০ চনৰ বৰভূঁইকঁপে বহু ঠাইত অসমৰ নদীসমূহৰ চৰিত্ৰ পৰিৱৰ্তন কৰি দিছিল, বিশেষকৈ ব্ৰহ্মপুত্ৰৰ বুকুখন বাম কৰি দিছিল। কিন্তু আমি তেতিয়াই আমি প্ৰথম ভুলটো কৰিলো নদীৰ মাথাউৰি আৱিষ্কাৰ কৰি। তাৰ কিছু বছৰ পিছত, সত্তৰৰ দশকত শৰৎ চন্দ্ৰ সিংহই এটা অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল। তেওঁ কৈছিল যে অসমৰ মানুহে বানপানীৰ সৈতে সহবাস কৰিবলৈ শিকিব লাগিব। তেওঁক তেতিয়া বহুতেই সমালোচনা কৰিছিল, কিন্তু তেওঁ কোনো নভবা-নিচিন্তাকৈ কথাষাৰ কোৱা নাছিল। তেওঁ কোৱা কথা আমাৰ নৈপৰীয়া লোকৰ জীৱনগাথা আছিল। অৰ্থাৎ তেওঁ তেওঁলোকৰ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিতহে সেই সোণসেৰীয়া কথাফাঁকি কৈছিল।
আগতেও অসমত বছৰে বছৰে বানপানী আহিছিল। বানপানী আহি আমাৰ মাটিৰ উপৰিভাগত পাতল পলস পেলাই পথাৰ সাৰুৱা কৰি থৈ গৈছিল আৰু খাল-বিল-নৈত মাছ-কাছ ভৰি পৰিছিল, যিয়ে মানুহক বছৰটোলৈ পুষ্টিৰ যোগান ধৰিছিল। এতিয়াৰ দৰে অতীতৰ বানপানীয়ে মানুহৰ মাজত বিভীষিকাৰ সৃষ্টি কৰা নাছিল। কিন্তু এতিয়া উন্নয়ন কেৱল মাথাউৰিতে সীমাবদ্ধ হৈ থকা নাই— ই নদীবান্ধ পাইছেগৈ, অকল নদীবান্ধেই নহয়, আৰু কত ডাঙৰ ডাঙৰ উন্নয়ন প্ৰকল্প! সকলোফালে ওখ ওখ, আহল-বহল ৰাস্তা; আগতে ৰেল নোযোৱা ঠাইলৈ ৰেল লাইন। কিয়, আজি কেইবছৰমান আগতে হাফলংত কি হৈছিল মনত নাই? পাহাৰত উন্নয়ন, ভৈয়ামত উন্নয়ন! সকলো ফালে উন্নয়নে উন্নয়ন।উন্নয়নৰূপী প্ৰতিবন্ধকতাৰ বাবে যদি মাটিৰ উপৰিভাগেৰে স্বাভাবিক প্ৰক্ৰিয়াৰে পানী বাগৰি আহিব নোৱাৰে, তেন্তে এনে বিভীষিকাৰ সৃষ্টি নহৈ কি হ’ব? স্বাভাৱিক প্ৰক্ৰিয়া মানে কি? মাটিৰ উপৰিভাগৰ গছ-গছনি, হাবি-বন, অ’ত ত’ত থকা খাল-বিল, নৈ-নিজৰা — তাৰ মাজেৰে পানী বৈ অহা। তেনেকৈ বৈ অহা পানী বৈ আহোঁতেই মাজে মাজে থমকি ৰ’বনে নৰয়, তাৰ সোঁত কম হ’বনে নহয়? নিশ্চয় হ’ব। বাটে পথে জিৰণি লৈ পানী আহি থাকিব। তেনেদৰে আহি থাকোতে সময় ল’ব। তাৰ সলনি যদি ক’ৰবাত আবদ্ধ হৈ থকা পানী হঠাৎ পাৰ ভাঙি আৱৰণহীন কেঁচা মাটিৰ ওপৰেৰে বৈ আহে, তেনেহ’লে কি হ’ব? এতিয়া উজনি অসমত যি হৈছে সেইটো।
ক্ষয়-ক্ষতিৰে আৰম্ভ কৰিছিলোঁ নহয়? উজনি অসমৰ ক্ষতিগ্ৰস্ত বহু পৰিয়ালক আগৰ অৱস্থালৈ ঘূৰি যাবলৈ এক দশকৰো বেছি লাগিব পাৰে। হয়তো সেইটো সম্ভৱ নহবও পাৰে।চাওক, আমি আছোঁ ভৈয়ামত। পাহাৰো যদি উন্নয়নৰ নামত খহাই, খান্দি পেলাইছোঁ, ভৈয়ামতো যদি একেই কৰিছোঁ— খাল, বিল, জলাশয়, নদী নোহোৱা কৰিছোঁ, তেন্তে আমাৰ এই গতি নহয় কাৰ হ’ব? যোৰাবাটত কি হ’বলৈ লৈছে আজিকালি? যোৰাবাট বাদ দিয়ক, এজাক মজলীয়া ধৰণৰ বৰষুণ দিয়াৰ পিছত গুৱাহাটীৰ কি অৱস্থা হয়? প্ৰতিটে অঞ্চলত পানী নহয়নে? কিয় ৩০/৪০ বছৰ আগতে এনে হোৱা নাছিল? এতিয়া গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য চাবলৈ মানুহ যায় নহয়, একেবাৰে ভক্তিত গদগদ হৈ! কি চমৎকাৰ উন্নয়ন! চাই থাকক, নদীখন এনেকৈ দখল কৰা বাবে ব্ৰহ্মপুত্ৰই এদিন শিক্ষা দিয়েনে নিদিয়ে! গতিকে এতিয়া হায়ৈ-বিয়ৈ কৰি লাভ নাই। উজনিৰ বানপানী উন্নয়নৰ ভৰণি। এনেকৈ ভৰণি দি থাকোঁতে থাকোঁতে আমি এদিন শেষ হৈ যাম। এই উন্নয়ন আৰ্হি পৰিত্যাগ নকৰিলে আমি এনেকৈয়ে ভুগি থাকিম।