NORTHEAST NOW (Assamese)
দেশ

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 29, 2026 7:28 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

চৰকাৰী খৰচত ইখনৰ পিছত সিখন বিলাসী গাড়ীৰ ব্যৱহাৰ আৰু অতিৰিক্ত সুবিধা লোৱাৰ দিন এতিয়া উকলিল। ভিআইপি সংস্কৃতিত বাধা প্ৰদান কৰিবলৈ আৰু ৰাইজৰ কৰৰ ধন বচাবলৈ কেন্দ্ৰীয় চৰকাৰে এইবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়াৰে পৰা চৰকাৰে ‘এক পদ, এখন গাড়ী’ নীতি প্ৰৱৰ্তন কৰিছে। নতুন নিয়ম অনুসৰি শীৰ্ষ আমোলা বা উচ্চ পদস্থ চৰকাৰী বিষয়াসকলে এতিয়াৰে পৰা এখনতকৈ অধিক চৰকাৰী গাড়ী ব্যৱহাৰ কৰিব নোৱাৰিব। আনকি তেওঁলোকে যদি একাধিক মন্ত্ৰালয়, বিভাগ বা চৰকাৰী সংস্থাৰ অতিৰিক্ত দায়িত্বতো থাকে, তথাপিও তেওঁলোকে অতিৰিক্ত গাড়ী লাভ নকৰিব।

শেহতীয়াকৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অধীনৰ ব্যয় বিভাগে এক বিশেষ কাৰ্যালয়ৰ স্মাৰকপত্ৰৰ জৰিয়তে সকলো কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগক এই নতুন নিয়ম কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ দিছে। চৰকাৰী নথিপত্ৰত প্ৰকাশ পোৱা অনুসৰি, এই নিয়মৰ মূল উদ্দেশ্য হৈছে চৰকাৰী সম্পত্তিৰ অপব্যৱহাৰ ৰোধ কৰা, গাড়ীৰ অপ্ৰয়োজনীয় দুগুণ আবণ্টন বন্ধ কৰা আৰু চৰকাৰী ধনৰ অপচয় নকৰি সঠিকভাৱে তাৰ ব্যৱহাৰ নিশ্চিত কৰা।

নতুন নিয়ম অনুসৰি যিসকল বিষয়াই পদমৰ্যাদা অনুসৰি ইতিমধ্যে এখন চৰকাৰী গাড়ী পোৱাৰ যোগ্য, তেওঁলোকে নতুন বা অতিৰিক্ত কোনো বিভাগৰ দায়িত্ব পালেও দ্বিতীয় এখন গাড়ী নাপাব। পূৰ্বে আবণ্টিত গাড়ীখনেই তেওঁলোকৰ সকলো কামৰ বাবে ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলে চৰকাৰী কৰ্তব্য বা অনুমোদিত ভ্ৰমণৰ বাহিৰে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, স্বায়ত্তশাসিত সংস্থা বা অৰ্ধ-চৰকাৰী প্ৰতিষ্ঠানৰ গাড়ী ব্যৱহাৰ কৰিব নোৱাৰিব। অতিৰিক্ত বা অব্যৱহৃত গাড়ীসমূহ যাতে বেচৰকাৰী বা ব্যক্তিগত কামত ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ বাবে সেইবোৰ নিৰাপদে নিৰ্দিষ্ট স্থানত ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

বিত্ত মন্ত্ৰালয়ৰ এই কঠোৰ বাৰ্তাই মূলতঃ ২০২২ চনৰ ছেপ্টেম্বৰ মাহত জাৰি কৰা এক নিৰ্দেশনাক অধিক শক্তিশালী কৰিলে। বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগৰ মতে, এই পদক্ষেপৰ ফলত প্ৰশাসনিক কামত গতি আহিব, আমোলাতন্ত্ৰত স্বচ্ছতা থাকিব আৰু যাতায়তৰ নামত হোৱা অপ্ৰয়োজনীয় বৃহৎ খৰচ যথেষ্ট পৰিমাণে হ্ৰাস পাব। চৰকাৰী পুঁজিৰ সঠিক ব্যৱহাৰ আৰু আৰ্থিক অনুশাসন বজাই ৰাখিবলৈ সকলো মন্ত্ৰালয় আৰু বিভাগক এই নিয়ম অৱশ্যেই মানি চলিবলৈ কেন্দ্ৰীয় চৰকাৰে স্পষ্টভাৱে জনাই দিছে।