সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

বৰ্ষাকালীন অধিৱেশনৰ পৰা নিলম্বিত হোৱা তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে বৃহস্পতিবাৰে সংসদ চৌহদত ডিঙিত ২০ জন তৃণমূল ত্যাগী সাংসদৰ ছবি থকা পোষ্টাৰ আঁৰি অকলেই প্ৰতিবাদ কৰি আছিল। ঠিক সেই সময়তে প্ৰিয়ংকা গান্ধীৰ লগতে আন কেইবাজনো কংগ্ৰেছ নেতা তাত উপস্থিত হয়। সেই ঠাইতেই কল্যাণ বেনাৰ্জীৰ কথাৰ মাজতে প্ৰিয়ংকাই তেওঁক একেবাৰে ইতিহাসৰ পাঠ পঢ়ুৱাই দিয়ে।
সেইদিনা কল্যাণ বেনাৰ্জীয়ে যেতিয়া সংসদ চৌহদত প্ৰতিবাদ কৰিছিল, তেতিয়াই কংগ্ৰেছ নেত্ৰীগৰাকী তাত উপস্থিত হৈছিল আৰু কি হৈ আছে সেয়া জানিব বিচাৰিছিল। তাৰ পাছতেই কল্যাণৰ ‘গদ্দাৰ’ কটাক্ষৰ মাজতে প্ৰিয়ংকাই মনত পেলাই দিয়ে যে আচলতে কংগ্ৰেছ ভাঙিয়েই তৃণমূলৰ জন্ম হৈছিল। প্ৰিয়ংকাই কয় যে কিছু মানুহ আমাৰ ইয়াৰ পৰাই আপোনালোকৰ তালৈ গৈছিল, তাৰ পাছত আপোনালোকৰ তাৰ পৰা আকৌ আনফালে গৈছে। তেওঁৰ এই মন্তব্যত মুহূৰ্তৰ ভিতৰতে সকলোৱে হাঁহিবলৈ ধৰে।
অৱশ্যে কল্যাণে ইয়াৰ উত্তৰ দিয়াৰ চেষ্টা কৰে। তেওঁ বংগত কংগ্ৰেছ আৰু তেওঁলোকৰ পৰিস্থিতিৰ কথা বুজোৱাৰ চেষ্টা কৰে। কল্যাণে আকৌ কয় যে তেওঁলোকৰ কোনেও বংগত কংগ্ৰেছৰ টিকটত জিকা নাই। প্ৰিয়ংকাই কথা নবঢ়ালেও তেওঁৰ লগত থকা নেতাসকলে যুক্তি দি থাকে। পাছত বাধ্য হৈয়েই কল্যাণে নিজৰ কংগ্ৰেছ আমোলৰ কথা উল্লেখ কৰে আৰু মমতাৰ প্ৰসংগও উত্থাপন কৰে। তেওঁ কয় যে আপোনালোকেই তো ১৯৯৭ চনত দিদিক খেদি দিছিল, এইটোও কওক। দিদিক নখেদা হ’লে আপোনালোকৰ আজি এই অৱস্থা নহ’লহেঁতেন। প্ৰিয়ংকাই মাজতে মনত পেলাই দিয়ে যে সেই সময়ৰ কংগ্ৰেছ নেতৃত্বই মমতাক যথেষ্ট পছন্দ কৰিছিল। কিন্তু তাৰ পাছত তেওঁ আৰু কথা নবঢ়াই পোনে পোনে আনফালে গুচি যায়। কল্যাণো হাঁহিমুখে নিজৰ প্ৰতিবাদলৈ উভতি আহে।
ৰাজনৈতিক মহলৰ মতে, তৃণমূল কংগ্ৰেছে যেতিয়া দল ভঙাক লৈ দিন-ৰাতি আক্ষেপ কৰি আছে, তেনে সময়তে হাঁহি হাঁহিয়েই প্ৰিয়ংকাই একেবাৰে সঠিক সময়ত তেওঁলোকক ইতিহাসৰ পাঠ পঢ়ুৱাই দিলে।