NORTHEAST NOW (Assamese)
জীৱনশৈলী

দিনটোত ৪০ টাকৈ চিগাৰেট খোৱা বিশাল দাদলানিয়ে কেনেকৈ এৰিলে ধূমপানৰ অভ্যাস?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 1, 2026 7:00 am
দিনটোত ৪০ টাকৈ চিগাৰেট খোৱা বিশাল দাদলানিয়ে কেনেকৈ এৰিলে ধূমপানৰ অভ্যাস?

ধূমপান এৰা সঁচাকৈয়ে ইমান সহজ কথা নহয়। বিশেষকৈ যিসকলৰ এই নিচা বেছি, তেওঁলোকৰ বাবে ধূমপান একেবাৰেই এৰি পেলোৱাটো বহুত কঠিন কাম বুলি কোৱা হয়। কিন্তু বলীউডৰ বিখ্যাত সুৰকাৰ তথা গায়ক বিশাল দাদলানিয়ে এই অসাধ্য সাধন কৰিবলৈ সক্ষম হৈছে। তেওঁ এদিনত চল্লিশটা বা তাতকৈয়ো অধিক চিগাৰেট খাইছিল। চিগাৰেট নোখোৱাকৈ তেওঁ একেবাৰেই থাকিব নোৱাৰিছিল। কিন্তু এতিয়া তেওঁ চিগাৰেট বা ধপাতৰ নামেই নোলোৱা হ’ল। এইটো কেনেকৈ সম্ভৱ হ’ল বুলি ভাবিলে আচৰিত লাগিব পাৰে। বিশাল দাদলানীৰ মতে, নিকোটিনৰ নিচাতকৈ মানুহৰ মনৰ জোৰ বহুত বেছি। যদি কোনোবা ব্যক্তিয়ে সঁচাকৈয়ে চিগাৰেট খোৱা একেবাৰেই এৰি দিম বুলি মনলৈ আনে, তেন্তে সেয়া নিশ্চয়কৈ সম্ভৱ। ধূমপান এৰাৰ পিছৰে পৰা তেওঁৰ শৰীৰত বহুতো অবিশ্বাস্য পৰিৱৰ্তন দেখা গৈছে বুলিও গায়কগৰাকীয়ে জানিবলৈ দিছে।

চিগাৰেট, বিড়ি বা ধপাতজাতীয় সামগ্ৰী খোৱা বন্ধ কৰি দিয়াৰ পিছত আৰম্ভণিতে শৰীৰত নানা ধৰণৰ অস্বস্তি অনুভৱ হয়। পুনৰ ধূমপান কৰাৰ বাবে মনত তীব্ৰ ইচ্ছা জাগি উঠে আৰু শৰীৰটো দুৰ্বল লগা যেন অনুভৱ হয়। কিন্তু ইয়াৰ ঠিক পিছতেই শৰীৰত কিছুমান ভাল পৰিৱৰ্তন হ’বলৈ ধৰে। ধূমপান এৰাৰ পিছৰে পৰা তেজত কাৰ্বন-ডাই অক্সাইডৰ মাত্ৰা দ্ৰুতভাৱে কমিবলৈ ধৰে আৰু অক্সিজেনৰ মাত্ৰা বাঢ়িবলৈ লয়। ইয়াৰ ফলত হৃদস্পন্দন সঠিকভাৱে হয় আৰু ৰক্তচাপ স্বাভাৱিক অৱস্থালৈ আহে। আঠচল্লিশ ঘণ্টাৰ পিছৰ পৰা স্নায়ুৰ সক্ৰিয়তা বৃদ্ধি পায় আৰু সোৱাদ তথা গোন্ধ লোৱাৰ ক্ষমতা বাঢ়ি যায়। বাসত্তৰ ঘণ্টাৰ ভিতৰত শৰীৰৰ পৰা নিকোটিন সম্পূৰ্ণৰূপে ওলাই গ’লে শ্বাস-প্ৰশ্বাস স্বাভাৱিক হয় আৰু হাওঁফাওঁৰ কাৰ্যক্ষমতা ত্ৰিশ শতাংশলৈকে বৃদ্ধি পায়। ধূমপান এৰাৰ কেইসপ্তাহমানৰ পিছৰ পৰা চৰ্দি-কাহৰ সমস্যা কমিবলৈ ধৰে আৰু এলাৰ্জিজনিত সমস্যাবোৰো বহুখিনি হ্ৰাস পায়।

বাৰ সপ্তাহৰ পিছত শৰীৰটো সম্পূৰ্ণৰূপে বিষমুক্ত বা ডিটক্স হৈ পৰে। যিসকল লোকে কেইখোপমান চিৰি বগালেই ভাগৰি পৰিছিল বা অলপ পৰিশ্ৰম কৰিলেই ক্লান্ত হৈ পৰিছিল, তেওঁলোকে অতি সহজেই বেছি পৰিশ্ৰম কৰিব পৰা হয়। চিৰি বগোৱাৰ সময়ত উশাহ লোৱাতো কোনো কষ্ট নোহোৱা হয়। ধূমপান এৰাৰ এবছৰৰ ভিতৰত হাওঁফাওঁ, মুখ আৰু ডিঙিৰ কৰ্কট ৰোগ, ষ্ট্ৰোক আদিৰ লগতে চিঅপিডিৰ দৰে ৰোগৰ আশংকা বহু পৰিমাণে কমি যায়। এই ধূমপানৰ অভ্যাস এৰিবলৈ কিছুমান বিশেষ কৌশল প্ৰয়োগ কৰিব পাৰি। চিগাৰেট খাবলৈ মন গ’লে কমেও দহ মিনিট অপেক্ষা কৰিব লাগে, কিয়নো দহ মিনিটৰ পিছত সাধাৰণতে এই তীব্ৰ ইচ্ছা কমি যায়। নাকৰে দীঘলকৈ উশাহ লৈ মুখৰে লাহে লাহে এৰি দিলে মগজুত অক্সিজেন প্ৰৱেশ কৰে আৰু মানসিক উদ্বেগ কমে। এগিলাচ ঠাণ্ডা পানী লাহে লাহে খাব লাগে, ইয়াৰ ফলতো ধপাত সেৱনৰ তীব্ৰ ইচ্ছা সেই সময়কণৰ বাবে হ’লেও কমে। অন্য কামত মন দিবলৈ চেষ্টা কৰিব লাগে, যেনে পছন্দৰ গান শুনা, লেখা-মেলা কৰা বা অলপ খোজকাঢ়ি অহা।

চিকিৎসকসকলৰ মতে, ধূমপানৰ তীব্ৰ ইচ্ছা মগজুত পাঁচৰ পৰা দহ মিনিটমান থাকে আৰু তাৰ পিছত আপোনা-আপুনি কমিবলৈ ধৰে। ইয়াৰ উপৰিও খাদ্যাভ্যাসত কিছু সালসলনি কৰাটো প্ৰয়োজন। দিনটোত তিনিৰ পৰা চাৰি লিটাৰ পানী খালে শৰীৰৰ পৰা নিকোটিন বাহিৰ হৈ যায় আৰু নিচা বহুখিনি কমি যায়। ধূমপান কৰিবলৈ মন গ’লে মুখত চফ, আজোৱান বা লং ৰাখিব পাৰে, ইয়াৰ পৰাও যথেষ্ট সুফল পোৱা যায়। চাহ, কফি বা মদৰ অভ্যাসে প্ৰায়েই ধূমপানৰ ইচ্ছা বঢ়াই তোলে, সেয়েহে প্ৰথম কেইসপ্তাহমান এইবোৰৰ নিচাৰ পৰা আঁতৰি থাকিব লাগে। শাৰীৰিক ব্যায়ামৰ জৰিয়তেও এই অভ্যাস দূৰ কৰিব পাৰি। প্ৰতিদিনে বিছৰ পৰা ত্ৰিশ মিনিট খোজকঢ়া, অনুলোম-বিলোম বা ভ্ৰামৰী প্ৰাণায়াম আদি অভ্যাস কৰিলে ধূমপানৰ আসক্তি কমাৰ লগতে ধূমপান এৰি দিয়াৰ পিছত হোৱা শাৰীৰিক অস্বস্তিবোৰো বহুখিনি নাইকিয়া হয়।