হিৰোচিমাৰ উপকূলীয় বালিত ৰহস্যময় পদাৰ্থৰ; ৭হাজাৰ ডিগ্ৰী চেলছিয়াছ তাপত সৃষ্ট অনন্য ধাতু!

১৯৪৫ চনৰ ৬ আগষ্ট—ইতিহাসৰ এক ক’লা অধ্যায়, সিদিনা জাপানৰ হিৰোছিমা চহৰখন চকুৰ পলকতে ছাইত পৰিণত হৈছিল। সেই পাৰমাণৱিক বিস্ফোৰণৰ ভয়াবহতা আৰু যন্ত্ৰণা বিশ্বই পাহৰা নাই; সেই কাণ্ডত ৭০ হাজাৰতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছিল।
কিন্তু সেই ধ্বংসৰ প্ৰায় ৮১ বছৰৰ পাছত সেই ছাইৰ মাজৰ পৰাই এটা ৰহস্যময় বস্তু ওলাইছে— যিটোৱে সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলক আচৰিত কৰি তুলিছে। হিৰোচিমাৰ উপকূলীয় বালিত এটা পদাৰ্থ পোৱা গৈছে, যিটো সাধাৰণ পৃথিৱীত অথবা অত্যাধুনিক পৰীক্ষাগাৰতো সৃষ্টি কৰাটো অসম্ভৱ। কি এই এই ৰহস্যময় পদাৰ্থ?
হিৰোচিমা উপসাগৰৰ বালি বিশ্লেষণ কৰাৰ সময়ত গৱেষকসকলে অণুবীক্ষণিক কণিকাৰ মাজত এক নতুন আৰু অনন্য পদাৰ্থ আৱিষ্কাৰ কৰিছে। এই পদাৰ্থটোক ‘হিৰোচিমাইটছ’ বুলি নামকৰণ কৰা হৈছে।
এতিয়া প্ৰশ্ন উত্থাপন হয়, প্ৰকৃততে এই পদাৰ্থটো ক’ৰ পৰা আহিল? বিজ্ঞানীসকলৰ মতে ইয়াৰ উত্তৰ এটা ঘটনাত নিহিত হৈ আছে: পাৰমাণৱিক বোমা বিস্ফোৰণৰ কেইছেকেণ্ডমানৰ ভিতৰতে সেই স্থানৰ উষ্ণতা ৭,০০০ ডিগ্ৰী চেলছিয়াছত উপনীত হয়। এই তীব্ৰ উত্তাপে নিমিষতে চাৰিওফালৰ নিৰ্মাণ সামগ্ৰী, ধাতু, মাটি, কাঁচ আৰু পানীক বাষ্পীভূত কৰি এক বিশাল অগ্নিকুণ্ডত পৰিণত কৰিছিল। আৰু যেতিয়া এই অগ্নিকুণ্ডটো ঠাণ্ডা হ’ল, তেতিয়াৰ পৰাই কাঁচ আৰু ধাতুৰ সৰু সৰু কণাবোৰ গঠন হ’ল যিবোৰ সমগ্ৰ অঞ্চলটোত বিয়পি পৰিল।
তেওঁলোকৰ অধ্যয়নত বিজ্ঞানীসকলে এই কণাবোৰৰ মাজত চিলিকন সমৃদ্ধ বহু মৌলযুক্ত মিশ্ৰণ ধাতু—এবিধ বিশেষ ধৰণৰ মিশ্ৰণ ধাতু আৱিষ্কাৰ কৰে। এই পদাৰ্থৰ এটা ক্ষুদ্ৰ কণাত ৬৩% আইৰণ, ১৫% ক্ৰ’মিয়াম, ৯% নিকেল আৰু ৭% চিলিকন পোৱা গৈছে। স্বাভাৱিক পৰিস্থিতিত বা আদৰ্শ পৰীক্ষাগাৰৰ পৰিৱেশত এনে মিশ্ৰণ সৃষ্টি কৰাটো অসম্ভৱ।
*Science Advances* ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি হিৰোচিমাত সৃষ্টি হোৱা পৰিস্থিতি মহাকাশত উল্কাপিণ্ডৰ আঘাত বা গ্ৰহৰ সংঘৰ্ষৰ সময়ত সৃষ্টি হোৱা পৰিস্থিতিৰ দৰেই আছিল।
এই বৈজ্ঞানিক আৱিষ্কাৰে অতি উষ্ণতা আৰু অস্বাভাৱিক পৰিস্থিতিত পদাৰ্থই কেনে আচৰণ কৰে আৰু প্ৰকৃতিত কেনেকৈ সম্পূৰ্ণ নতুন ধৰণৰ পদাৰ্থৰ সৃষ্টি হ’ব পাৰে, সেই বিষয়ত পোহৰ পেলায়। ইয়াৰ উপৰিও ই উচ্চ শক্তিৰ প্ৰাকৃতিক পৰিঘটনা—যেনে উল্কাপিণ্ড আৰু বিজুলী আৰু উন্নত মানৰ পদাৰ্থ উদ্ভাৱনৰ ক্ষেত্ৰত ভৱিষ্যতে গৱেষণাৰ বাবে নতুন পথ মুকলি কৰিব পাৰে। এইদৰেই হিৰোচিমাৰ ধ্বংসৰ এক অৱশিষ্ট অংশ এক অনন্য বৈজ্ঞানিক ৰহস্য সমাধানৰ চাবিকাঠি হৈ পৰিছে।