NORTHEAST NOW (Assamese)
Popular Stories

বান বিধ্বস্ত শিশুৰ মানসিক আৰু শৈক্ষিক উত্তৰণৰ বাবে ব্যতিক্ৰমী পদক্ষেপ: বৰঙণিৰ বিনিময়ত কেৰিকেছাৰ আঁকিব কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 1, 2026 7:58 pm
বান বিধ্বস্ত শিশুৰ মানসিক আৰু শৈক্ষিক উত্তৰণৰ বাবে ব্যতিক্ৰমী পদক্ষেপ: বৰঙণিৰ বিনিময়ত কেৰিকেছাৰ আঁকিব কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে

অসমৰ শিৱসাগৰ আৰু চৰাইদেও জিলাত শেহতীয়াকৈ অহা সংহাৰী বানে অসংখ্য শিশুক ভয়, মানসিক আঘাত আৰু অনিশ্চয়তাৰ দিশলৈ ঠেলি দিয়াৰ সময়তে এই আৰ্ত শিশুসকলৰ কাষত থিয় দিছে বিশিষ্ট কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী আৰু স্বেচ্ছাসেৱী সংস্থা ‘ফায়াৰফ্লাইজ’এ। বানৰ বিভীষিকাই চৰম ক্ষতিসাধন কৰা শিশুসকলৰ মানসিক, বৌদ্ধিক আৰু শৈক্ষিক উত্তৰণৰ লক্ষ্যৰে ‘ফায়াৰফ্লাইজ’ৰ অন্তৰ্গত ‘কাহিনী’ শিশু পুথিভঁৰালৰ যৌথ সহযোগত এক দীৰ্ঘম্যাদী ব্যতিক্ৰমী কেৰিকেছাৰ অভিযানৰ শুভাৰম্ভ কৰা হৈছে।

 

এই প্ৰচেষ্টাক স্বাৱলম্বী আৰু সুচাৰুৰূপে চলাই নিয়াৰ বাবে উদ্যোগতাসকলে ৰাইজৰ বৰঙণি সংগ্ৰহৰ এক অনন্য পন্থা হাতত লৈছে। এই অভিযানৰ জৰিয়তে ৰাইজে আগবঢ়োৱা যিকোনো পৰিমাণৰ আৰ্থিক বৰঙণিৰ বিনিময়ত কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে বৰঙণিদাতাগৰাকীৰ এখন কাৰ্টুন কেৰিকেছাৰ আঁকি দিব। শিল্প আৰু কলাক মাধ্যম হিচাপে লৈ বানাক্ৰান্ত শিশুসকলক পোনপটীয়াকৈ সহায় কৰাৰ এই প্ৰয়াসক সচেতন মহলে আদৰণি জনাইছে।

 

এই অভিযানৰ স্বচ্ছতা আৰু উদ্দেশ্যৰ বিষয়ে আলোকপাত কৰি ‘ফায়াৰফ্লাইজ’ৰ প্ৰতিষ্ঠাপক কুলদীপ দাস আৰু কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে জানিবলৈ দিয়ে যে তেওঁলোকে কেৱল কাৰ্টুন কেৰিকেছাৰ এখনৰ বিনিময়তহে ৰাইজৰ বৰঙণি গ্ৰহণ কৰিব আৰু সংগৃহীত এই ধন পোনপটীয়াকৈ বান বিধ্বস্ত শিশুসকলৰ মানসিক স্বাস্থ্য, শৈক্ষিক প্ৰয়োজন আৰু সামগ্ৰিক বিকাশৰ বাবে ব্যয় কৰা হ’ব। এই অভিযান দীৰ্ঘদিনলৈ অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰি তেওঁলোকে কয় যে ৰাইজৰ এটি সৰু সহযোগেও এই আৰ্ত শিশুসকলৰ ভৱিষ্যৎ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

 

উল্লেখনীয় যে, কাৰ্টুনিষ্ট ৰাজবংশীয়ে ইয়াৰ পূৰ্বেও কোভিড মহামাৰীৰ সময়ত বিপৰ্য্যস্ত ৰাইজৰ সাহায্যৰ বাবে বৰপেটাৰ ‘শুভম’ৰ সহযোগত অনুৰূপ এক কেৰিকেছাৰ অভিযানেৰে অৰ্থ সংগ্ৰহ কৰি ৰাইজৰ কাষত থিয় দিয়াৰ প্ৰয়াস কৰিছিল।

 

আৰ্ত শিশুসকলৰ ভৱিষ্যৎ পুনৰুজ্জীৱিত কৰাৰ এই যাত্ৰাত অংশগ্ৰহণ কৰি সমাজলৈ বৰঙণি আগবঢ়োৱাৰ লগতে নিজৰ একোখন বিশেষ কেৰিকেছাৰ লাভ কৰিবলৈ উদ্যোক্তাসকলে ৰাইজ তথা শিল্পপ্ৰেমীসকললৈ আন্তৰিকতাৰে আহ্বান জনাইছে। আগ্ৰহী ব্যক্তিসকলে নিজৰ বৰঙণিৰ বিৱৰণ আৰু এখন স্পষ্ট ফটো ৭৮৯৬৪৭৩৫৯৮ বা ৭০০২০৮৫০৪৬ নম্বৰত অথবা [email protected] ইমেইল ঠিকনালৈ প্ৰেৰণ কৰিব পাৰিব। অভিযানটোৰ বিষয়ে সবিশেষ জানিবলৈ কুলদীপ দাসক উক্ত ফোন নম্বৰ দুটাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।