NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত বিশিষ্ট সমাজসেৱিকা,লেখিকা ক্ষীৰদা কুমাৰী বৰুৱাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ December 18, 2021 2:19 pm

শিৱসাগৰৰ মেলাচক অঞ্চলৰ এক সম্ভান্ত পৰিয়ালৰ বোৱাৰী তথা বিশিষ্ট সমাজকৰ্মী, লেখিকা তথা পৰশুৰাম বৰুৱাৰ সহধৰ্মিনী ক্ষীৰদা কুমাৰী বৰুৱাৰ যোৱা ৫ ডিচেম্বৰত মৃত্যু হয়।

তেওঁৰ মৃত্যুত আজি শিৱসাগৰৰ শংকৰ সমাজ উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়।

শিৱসাগৰৰ শংকৰ মন্দিৰ পথৰ শংকৰ সমাজ নামঘৰৰ প্ৰাঙ্গণত অনুষ্ঠিত হয় ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বিশিষ্ট সমাজ সেৱিকাগৰাকীৰ সোঁৱৰণত শংকৰ সমাজ নামঘৰত নাম প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হয়।

এই অনুষ্ঠানত শংকৰ সমাজৰ বহু গণ্যমান্য ব্যক্তি লগতে শংকৰ মন্দিৰ পথৰ স্থানীয় ৰাইজে সমাজসেৱিকা তথা লেখিকা ক্ষীৰদা কুমাৰী বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

সঞ্জীৱ বৰাই আঁত ধৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই ৷ মাল্যাপৰ্ণ কৰে শিৱসাগৰ শংকৰ সমাজৰ সভাপতি অমল দত্তই ।

উল্লেখ্য যে ক্ষীৰদা কুমাৰী বৰুৱা হৈছে আন্তঃৰাষ্ট্ৰীয় সৰোদ বাদক আমজাদ আলি খানৰ শাহুৱেক। ক্ষীৰদা কুমাৰী বৰুৱাৰ মাজু কন্যা শুভলক্ষ্মী বৰুৱা খান আমজাদ আলি খানৰ পত্নী।