NORTHEAST NOW (Assamese)
দেশ

জয় শ্ৰীৰাম ক’বলৈ বাধ্য : আল্লাহৰ নাম লোৱাৰ বাবেই তিনি নাবালকক মাৰপিট হিন্দুত্ববাদীৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 6, 2024 9:15 pm

মুখেৰে আল্লাহৰ নাম উচ্চাৰণ কৰাৰ বাবেই হিন্দুত্ববাদীয়ে লক্ষ্য কৰি ল’লে তিনি নাবালকক। জয় শ্ৰীৰাম  নোকোৱালৈকে মাৰপিট কৰি থাকিল নাবালককেইটিক।

এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ৰাটলাম অঞ্চলত। এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে কঁপনি উঠিছে মধ্যপ্ৰদেশ।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ঘটনা প্ৰায় এমাহ পূৰ্বে সংঘটিত হৈছিল যদিও শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ঘটনা।

আৰক্ষীৰ সূত্ৰ অনুসৰি ধূমপানৰ বাবেই এই ঘটনা আৰম্ভ হৈছে। অভিযুক্ত যুৱকজনে নাবালক তিনিজনৰ ভিতৰত এজনক চৰ মাৰি চিগাৰেট খাবি নেকি বুলি প্ৰশ্ন কৰে। বিষত নাবালকটিয়ে “আল্লাহ” বুলি চিঞৰি উঠে।

ইয়াৰ পিছত অভিযুক্তই তিনিওকে প্ৰহাৰ  কৰি জয় শ্ৰীৰাম বুলি ক’বলৈ বাধ্য কৰে।

জানিব পৰা মতে নাবালক কেইটাৰ বয়স ৬, ১১ আৰু ১৩ বছৰ। ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে নিৰ্যাতিত হোৱা নাবালক তিনিজনৰ পৰিয়ালে থানাত এজাহাৰ দাখিল কৰে।