NORTHEAST NOW (Assamese)
Popular Stories

চীন চৰকাৰে আৰম্ভ কৰিছে প্ৰেমৰ পাঠ্যক্ৰম : কলেজ-বিশ্ববিদ্যালয়ত দিয়া হ’ব প্ৰেমৰ শিক্ষা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 6, 2024 9:17 pm

চীনৰ চৰকাৰে প্ৰণয়ণ কৰিছে প্ৰেমৰ পাঠ্যক্ৰম। প্ৰেম-বিবাহ, সংসাৰ আৰু পৰিয়াল সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবৰ বাবেই ই সিদ্ধান্ত লৈছে চীনৰ চৰকাৰে।

উল্লেখ্য যে সময় আধুনিক হৈ অহাৰ লগে লগে মানুহৰ জীৱন যন্ত্ৰৰ দৰে হৈ পৰিছে। বিশেষকৈ এক যান্ত্ৰিক আাৰু আন্তঃসাৰশূন্য জীৱন কটাইছে তৰুণ-তৰুণী সকলে। তৰুণ প্ৰজন্মটো প্ৰেম-সংসাৰ আদিৰ প্ৰতি আকৰ্ষণ নোহোৱা হৈছে। যাৰ ফলত কলেজ-বিশ্ববিদ্যালয়ত প্ৰেমৰ শিক্ষা দিয়াৰ কথা ভাবিছে চীনৰ চৰকাৰে।

ইফালে ক্ৰমহ্ৰাসমান জনসংখ্যাক লৈ চিন্তিত হৈ পৰিছে চীনৰ চৰকাৰ। সেয়েহে এতিয়া দেশখনে তৰুণ প্রজন্মক বিয়া-বাৰুৰ ক্ষেত্ৰত আকৰ্ষিত কৰিবলৈ এনে বহু পদক্ষেপ গ্রহণ কৰিছে। জনসংখ্যা বৃদ্ধিৰ উপায় চিন্তি চীন চৰকাৰে দেশখনৰ কলেজে কলেজে প্ৰেমৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে।

চীনৰ সংবাদ মাধ্যমৰ প্রতিবেদন অনুসৰি দেশখনৰ কলেজ আৰু বিশ্ববিদ্যালয়সমূহত বিয়া আৰু প্ৰেমৰ শিক্ষাৰ বিষয়ে পাঠ্যক্রম যুগুত কৰা হ’ব। এই পাঠ্যক্ৰমৰ দ্বাৰা শিক্ষাৰ্থী সকলক প্ৰেম, সংসাৰ আৰু সন্তানৰ বাবে আকৰ্ষিত কৰিব।