NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেব ক’ভিড-১৯ নিগেটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 4, 2020 12:04 pm

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবৰ ক’ভিড-১৯ টেষ্টৰ ফলাফল নিগেটিভ আহিছে। মুখ্য মন্ত্ৰীগৰাকীক লৈ বহুতে উৎকণ্ঠিত হৈ আছিল যদিও আজি ৰাতিপুৱা তেওঁৰ ফলাফল নিগেটিভ আহে।

মুখ্য মন্ত্ৰী দেবে এই কথা নিজৰ টুইটাৰৰ জৰিয়তে ৰাজহুৱা কৰে।

তেওঁ টুইটত কয়, ‍‘মোৰ ক’ভিড-১৯ টেষ্টৰ ফলাফল নিগেটিভ আহিছে। অহা ৭ দিন মই সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে হ’ম কোৱাৰেণ্টাইনত থাকিম। তদুপৰি ঘৰৰ পৰাই কাম কৰিম’।

মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে তেওঁৰ সুস্বাস্থ্য কামনা কৰা প্ৰতিগৰাকী লোককে ধন্যবাদ জনায়।

তেওঁ কয়, ‍‍‘এই ক’ভিড-১৯ বিৰোধী যুঁজখন চলি থাকিব আৰু আমি জয়ী হম’।

উল্লেখ্য সোমবাৰে নিশা মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবৰ পৰিয়ালৰ দুজন সদস্য ক’ভিড-১৯ পজিটিভ পোৱা যায়। ইয়াৰ পিছতে মুখ্য মন্ত্ৰী দেবে নিজে হোম কোৱাৰেণ্টাইন হয়।

আনহাতে মুখ্য মন্ত্ৰী দেবৰ লগতে আন আন সদস্য সকলৰ ফলাফলো নিগেটিভ অহা বুলি জানিব পৰা গৈছে।