NORTHEAST NOW (Assamese)
অসম

Coronavirus India Update দেশত ২৪ ঘন্টাত কৰ’নাত মৃত্যু ৮০৫জনৰ; পুনৰ বৃদ্ধি পাইছে উদ্বেগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 29, 2021 11:43 am
Corona India.jpg vaccination

Coronavirus India Update দেশত কৰ’না ভাইৰাছৰ তৃতীয়টো ঢৌৰ বিষয়ে চৰ্চা চলি থকাৰ মাজতে দৈনিক সংক্ৰমণ হ্ৰাস পাইছে যদিও মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাটোৱে পুনৰ উদ্বেগৰ কাৰণ হিচাপে দেখা গৈছে।

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১ হাজাৰ ৩৪৮ জন লোক। বৃহস্পতিবাৰে  দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ১৬ হাজাৰ ১৫৬ জন লোক।

দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত সংখ্যা হৈছেগৈ ৩কোটি ৪২লাখ ৪৬হাজাৰ ১৫৭জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৮০৫ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

Also Read: নিশা হঠাতে অসুস্থ জুবিন গাৰ্গ; হাস্পাতালত ভৰ্তি, কেনে আছে জুবিন?

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৫ হাজাৰ ১৯১জন।

ইপিনে, বিগত ২৪ ঘন্টাত দেশত ১হাজাৰ ১৯৮জন লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ উভতিছে।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৩৬লাখ ২৭হাজাৰ ৬৩২জন।

Also Read: কোভিডত আক্ৰান্ত হৈ অৱসৰপ্ৰাপ্ত বিষয়া ধীৰেন গোস্বামীৰ পৰলোকপ্ৰাপ্তি

আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১ লাখ ৬হাজাৰ ৩৩৪জন।

বৰ্তমানলৈ দেশত ১০৪ কোটি ৮২ লাখ ৯৬৬জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।