NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

পুৱাই ভয়ংকৰ বিমান দুৰ্ঘটনা! ভাঙি পৰিল পৰ্যটক কঢ়িওৱা বিমান; পাইলটসহ ১৩ জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 2, 2026 10:01 am
পুৱাই ভয়ংকৰ বিমান দুৰ্ঘটনা! ভাঙি পৰিল পৰ্যটক কঢ়িওৱা বিমান; পাইলটসহ ১৩ জনৰ মৃত্যু

দক্ষিণ আমেৰিকাৰ দেশ পেৰুত সংঘটিত এক মৰ্মান্তিক দুৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যু। ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিখ্যাত ‘নাজকা লাইনছ’ চাবলৈ গৈ দুৰ্ঘটনাগ্ৰস্ত হয় এখন সৰু পৰ্যটন বিমান। শনিবাৰে (স্থানীয় সময় অনুসৰি) উৰণৰ কিছু সময়ৰ পিছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। পেৰুৰ নাজকা প্ৰাদেশিক প্ৰশাসনে জনোৱা মতে, নিহতসকলৰ ভিতৰত ১১ জন পৰ্যটক আৰু ২ জন পাইলট আছে।

নাজকা চহৰৰ সমীপৰ ‘পুবলো ভিজো’ অঞ্চলত বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে। স্থানীয় সূত্ৰ অনুসৰি বিমানখন পেৰুৰ ব্যক্তিগত বিমান সংস্থা ‘এৰ’ডিয়ানা’ৰ আছিল। পিস্কো বিমানবন্দৰৰ পৰা বিমানখনে পৰ্যটকক আকাশী পথেৰে নাজকা লাইন দেখুৱাবলৈ উৰা মাৰিছিল।

উৰণৰ মাত্ৰ কেইমিনিটমানৰ পিছতে এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল (এটিচি)ৰ সৈতে বিমানখনে যোগাযোগ হেৰুৱাই পেলায়। এই খবৰ পোৱাৰ পিছতে উদ্ধাৰকাৰী দলে দুৰ্ঘটনাস্থলীত দ্ৰুতগতিত উপস্থিত হয় যদিও বিমানখনত থকা কোনো যাত্ৰীক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা নগ’ল। প্ৰশাসনে এতিয়াও আনুষ্ঠানিকভাৱে মৃত লোকসকলৰ পৰিচয় ঘোষণা কৰা নাই।

দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। পেৰুৰ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এই সন্দৰ্ভত ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰিছে। তদন্তকাৰীয়ে এই দুৰ্যোগৰ কাৰণ কোনো যান্ত্ৰিক বিজুতি নে হঠাতে বতৰৰ অৱনতিৰ অথবা কোনো কাৰিকৰী ভুলৰ বাবে সেয়া অনুসন্ধান কৰি আছে। অৱশ্যে সংশ্লিষ্ট কৰ্তৃপক্ষই নিশ্চিত নোহোৱাকৈ তৎক্ষণাত কোনো মন্তব্য দিব বিচৰা নাই।

ঘটনাৰ আগদিনা অৰ্থাৎ শুকুৰবাৰে নাজকা অঞ্চলত ঘণ্টাত ৪০ কিলোমিটাৰতকৈ অধিক বেগত ধুমুহা বলিছিল। ‘মাৰিয়া ৰেইচে’ বিমানবন্দৰৰ পৰা কেইবাখনো পৰ্যটক বিমান বাতিল কৰিবলগীয়া হৈছিল আৰু কিছুমান বিমান বিকল্প গন্তব্যস্থানলৈ ডাইভাৰ্ট কৰা হৈছিল। শনিবাৰৰ এই মৰ্মান্তিক ঘটনাত বেয়া বতৰৰ ভূমিকা আছিল নে নাই সেয়া তদন্তৰ পিছতহে জানিব পৰা যাব।

মন কৰিবলগীয়া যে পেৰুৰ মৰুভূমিৰ বিশাল পৃষ্ঠত অংকিত প্ৰাচীন, ৰহস্যময় জ্যামিতিক নক্সা বা ‘জিঅ’গ্লিফ’ৰ দ্বাৰা নিৰ্মিত এই ‘নাজকা লাইনছ’ চাবলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ বিদেশী পৰ্যটকৰ ভিৰ হয়। যিহেতু এই নক্সাবোৰ মাটিৰ পৰা স্পষ্টকৈ দেখা নাযায়, সেয়েহে পৰ্যটকসকলে সাধাৰণতে সৰু বিমানত উঠি ওপৰৰ পৰাই এইটো উপভোগ কৰে।