NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যত বাৰিষাৰ পূৰ্বেই বানৰ ভাবুকি! ৩৪৭ টা স্পৰ্শকাতৰ স্থান চিনাক্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 20, 2026 11:14 am

ব্ৰহ্মপুত্ৰ, বৰাক আৰু এই দুয়োখন নদীৰ উপনৈসমূহৰ ফলত অসমৰ প্ৰায় ৩১.০৪ লাখ হেক্টৰ ভূমি প্ৰতি বছৰে বানৰ কৱলত পৰে, যি সমগ্ৰ ৰাজ্যৰ মুঠ মাটিকালিৰ প্ৰায় ৪০ শতাংশ। এই ভয়াবহ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ জলসম্পদ বিভাগে চলিত বাৰিষাৰ পূৰ্বেই ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

জলসম্পদ বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, চলিত বৰ্ষৰ বানপানীৰ সৈতে যুঁজিবলৈ বিভাগটোৱে সকলো প্ৰয়োজনীয় সামগ্ৰী ইতিমধ্যে স্পৰ্শকাতৰ স্থানসমূহত মজুত ৰাখিছে। সূত্ৰটোৱে সদৰী কৰা মতে, ৰাজ্যখনৰ বিভিন্ন দুৰ্বল স্থানসমূহৰ বাবে ২৩৮ টা মেগা টিউব, ৭০,৫৫৪ মিটাৰ জিঅ’ ফেব্ৰিক, বালিৰ বেগ, পৰ্কুপাইন, মেগা বেগ আদি সাজু কৰি ৰখা হৈছে। ক্ষেত্ৰভিত্তিক মূল্যায়নৰ ভিত্তিত সমগ্ৰ ৰাজ্যতে ৩৪৭ টা স্পৰ্শকাতৰ স্থান চিনাক্ত কৰা হৈছে, য’ত বিভাগৰ তৰফৰ পৰা নিৰন্তৰ নিৰীক্ষণ অব্যাহত আছে। এই স্থানসমূহৰ ভিতৰত উজনি অসমৰ ৯৪ টা, মধ্য অসমৰ ৪৩ টা, বৰাক উপত্যকাৰ ৬৬ টা, নামনি অসমৰ ৫২ টা আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ (বিটিআৰ) ৩৯ টা স্থান অন্তৰ্ভুক্ত কৰা হৈছে।

 প্ৰকাশিত তথ্য অনুসৰি বান পৰিচালনা প্ৰক্ৰিয়াত স্থানীয় ৰাইজৰ জ্ঞান আৰু অংশগ্ৰহণ সুনিশ্চিত কৰি কাৰ্যকৰী দক্ষতা বৃদ্ধিৰ উদ্দেশ্যে মথাউৰি নিৰীক্ষণ সমিতি গঠন কৰা হৈছে। এই সমিতিসমূহত জলসম্পদ বিভাগৰ বিষয়া, জিলা প্ৰশাসনৰ বিষয়া, গাঁও পঞ্চায়তৰ সদস্য আৰু স্থানীয় যুৱক-যুৱতীসকলক অন্তৰ্ভুক্ত কৰা হৈছে।