৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

অতীততো দেখা গৈছে যে এটা উপ-নিৰ্বাচনৰ ফলাফলে কেনেকৈ নতুন ইতিহাসৰ সৃষ্টি কৰে। বিহাৰৰ বাঁকিপুৰ উপ-নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ জয়ে একেলগে তিনিটা ডাঙৰ ৰাজনৈতিক বাৰ্তা দিলে। প্ৰথমটো বিজেপিৰ বাবে, দ্বিতীয়টো তেজস্বী যাদৱ আৰু আৰজেডিৰ বাবে আৰু তৃতীয়টো সমগ্ৰ বিহাৰৰ বাবে। বাঁকিপুৰত জন সুৰজৰ প্ৰতিষ্ঠাপক প্ৰশান্ত কিশোৰে ৬৩,২০৩ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী নীৰজ কুমাৰ সিনহাই ৪৪,২৫০ টা ভোট লাভ কৰে। জয়াৰ ব্যৱধান আছিল ১৮,৯৫৩ টা ভোট। ইমান দিনে কেৱল ৰাজনৈতিক ৰণনীতি প্ৰস্তুত কৰা প্ৰশান্ত কিশোৰে নিজৰ প্ৰথমটো নিৰ্বাচনতে বিজেপিৰ ইমান দিনৰ দুৰ্গ দখল কৰি প্ৰমাণ কৰিলে যে তেওঁ পোনপটীয়াকৈ খেলপথাৰত নামিও জয়লাভ কৰিব পাৰে।
বাঁকিপুৰ সমষ্টি গঠন হোৱাৰ পৰাই প্ৰতিটো নিৰ্বাচনতে বিজেপিয়েই জয়লাভ কৰি আহিছিল। যোৱা প্ৰায় তিনি দশক ধৰি এইটো বিজেপিৰ এক সুৰক্ষিত দুৰ্গ আছিল। কিন্তু মাত্ৰ কেইমাহমানৰ ভিতৰতে জন সুৰজৰ ভোট পূৰ্বৰ ৭ হাজাৰৰ পৰা বাঢ়ি ৬৩ হাজাৰৰো অধিক হ’লগৈ। আনহাতে, বিজেপিৰ ভোট ৯৮ হাজাৰৰ পৰা ৪৪ হাজাৰলৈ নামি আহিল। ফলাফল ঘোষণাৰ পিছতে প্ৰশান্ত কিশোৰে কটাক্ষ কৰি কয় যে তেওঁ বিজেপিৰ ৩০ বছৰীয়া দুৰ্গ মাত্ৰ ৩০ দিনতে ভাঙি পেলাইছে।
এই জয়ে বিজেপিক এটা ডাঙৰ শিক্ষা দিলে যে কোনো ভোটেই চিৰস্থায়ী নহয়। বাঁকিপুৰত সাধাৰণতে উচ্চবৰ্ণ, চহৰীয়া মধ্যবিত্ত আৰু ব্যৱসায়ীসকলে বিজেপিক ভোট দি আহিছিল। দলটোৱে ভাবিছিল যে প্ৰাৰ্থী যিয়েই নহওক কিয়, এই ভোট সদায় তেওঁলোকৰ লগতেই থাকিব। কিন্তু প্ৰশান্ত কিশোৰৰ জয়ে এই ধাৰণা সলনি কৰি দিলে। যোগ্য বিকল্প পালে পুৰণি সমৰ্থকসকলেও যে বেলেগ ফালে যাব পাৰে, সেয়া এই নিৰ্বাচনে প্ৰমাণ কৰিলে। এই নিৰ্বাচনত ভোটদানৰ হাৰো যথেষ্ট কম আছিল, যিয়ে প্ৰমাণ কৰে যে বিজেপিয়ে নিজৰ সমৰ্থকসকলক ভোটকেন্দ্ৰলৈ আনিবলৈ সক্ষম নহ’ল। তদুপৰি, প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰতো বিজেপিৰ ভুল সিদ্ধান্তই দলটোক যথেষ্ট ক্ষতি কৰিলে।
বিজেপিৰ পৰাজয়ৰ সমানেই আৰজেডি দল তৃতীয় স্থানলৈ নামি যোৱাটোও এক অতি গুৰুত্বপূৰ্ণ বিষয়। ইমান দিনে বিহাৰত চৰকাৰ বিৰোধী ভোটবোৰ পোনে পোনে লালু প্ৰসাদ যাদৱ আৰু তেজস্বী যাদৱৰ দললৈ গৈছিল বুলি ভবা হৈছিল। কিন্তু এইবাৰ বিজেপিৰ ভোট কমি যোৱাৰ পিছতো তাৰ লাভ তেজস্বীয়ে নাপালে, পালে প্ৰশান্ত কিশোৰে। ইয়াৰ পৰা স্পষ্ট হয় যে আৰজেডি এতিয়া আৰু একমাত্ৰ বিৰোধী বিকল্প হৈ থকা নাই। কেৱল মুছলমান আৰু যাদৱ ভোটৰ সমীকৰণৰ ওপৰত নিৰ্ভৰ কৰি বহি থাকিলে এতিয়া আৰু নচলিব। যুৱপ্ৰজন্ম আৰু চহৰীয়া ভোটাৰসকলে এতিয়া শিক্ষা, কৰ্মসংস্থাপন আৰু উন্নয়নৰ দৰে বিষয়বোৰত গুৰুত্ব দি নতুন বিকল্প বিচাৰিবলৈ আৰম্ভ কৰিছে।
প্ৰশান্ত কিশোৰৰ বিৰুদ্ধে আগতে এটা ডাঙৰ অভিযোগ আছিল যে তেওঁ কেৱল এজন ৰণনীতিকাৰ, কোনো জননেতা নহয়। কিন্তু বাঁকিপুৰৰ জয়ে এই প্ৰশ্নৰ উত্তৰ দি দিলে। জন সুৰজ গঠনৰ আগতে তেওঁ বিহাৰৰ গাঁৱে গাঁৱে পদযাত্ৰা কৰি মানুহৰ সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰিছিল। এই জয়ে প্ৰমাণ কৰিলে যে ৰাইজৰ মাজত তেওঁৰ গ্ৰহণযোগ্যতা আছে আৰু তেওঁ ভোট টানিব পাৰে। যোৱা কেইবা দশক ধৰি বিহাৰৰ ৰাজনীতি কেৱল বিজেপি আৰু আৰজেডিৰ মাজতেই আৱদ্ধ আছিল। প্ৰশান্ত কিশোৰৰ এই জয়ে সেই পুৰণি ৰাজনীতিত ফাট মেলিছে আৰু বিহাৰত এক তৃতীয় ৰাজনৈতিক শক্তিৰ উত্থানৰ পথ মুকলি কৰিছে। অৱশ্যে, মাত্ৰ এখন আসনৰ জয়েৰেই সমগ্ৰ বিহাৰৰ ভৱিষ্যত নিৰ্ণয় কৰিব নোৱাৰি যদিও, ই পৰৱৰ্তী সময়ৰ বাবে এক নতুন ৰাজনৈতিক ধুমুহাৰ ইংগিত দিছে।