পাকিস্তানৰ ৩০ সন্ত্ৰাসবাদীক হত্যা’! ভাৰতীয় এজেণ্টৰ নিখুঁত অভিযান, লস্কৰ কমাণ্ডাৰৰ চাঞ্চল্যকৰ দাবী!

এয়া যেন বলীউডৰ চিনেমাৰ চিত্ৰনাট্য। শিহৰণকাৰী চিত্ৰনাট্য। এজন ভাৰতীয় এজেণ্টে পাকিস্তানত প্ৰৱেশ কৰি অকলেই ৩০ জন কুখ্যাত সন্ত্ৰাসবাদীক হত্যা কৰে। ইজনৰ পিছত সিজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে। লস্কৰ-ই-তৈবাৰ কুখ্যাত কমাণ্ডাৰজনে পোনে পোনে কেমেৰাৰ সন্মুখতে এই দাবী কৰিলে।
ভাৰতীয় চোৰাংচোৱা সংস্থাৰ এজন এজেণ্টে হেনো পাকিস্তানৰ মাটিত প্ৰৱেশ কৰি বিভিন্ন সময়ত অভিযান চলাইছিল। বন্দুক হাতত লৈ হত্যা কৰিছিল সন্ত্ৰাসবাদীসকলক। এটা ভাইৰেল ভিডিঅ’ত লস্কৰৰ কমাণ্ডাৰজনে দাবী কৰিছে যে যোৱা কেইবছৰমানৰ ভিতৰত এজন ভাৰতীয় এজেণ্টে পাকিস্তানত বিভিন্ন সময়ত প্ৰৱেশ কৰি ৩০ জনতকৈ অধিক সন্ত্ৰাসবাদীক হত্যা কৰিছে।
শেহতীয়াকৈ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। তাত লস্কৰৰ অপাৰেটিভ ৰিজৱান হানিফে ভাষণ দিয়া দেখা গৈছে। তাত তেওঁ দাবী কৰে যে যোৱা কেইবছৰমানৰ ভিতৰত পাকিস্তানত এজন ভাৰতীয় এজেণ্টে প্ৰৱেশ কৰি ৩০ জনতকৈ অধিক সন্ত্ৰাসবাদীক হত্যা কৰিছে।
তেওঁ দাবী কৰে যে ভাৰতীয় চোৰাংচোৱা সংস্থাই তেওঁলোকৰ এজন এজেণ্টক পাকিস্তানত প্ৰৱেশ কৰাইছে। আৰু যোৱা কেইবছৰমানৰ ভিতৰত তেওঁ ৩০ জনতকৈ অধিক উগ্ৰপন্থীক হত্যা কৰিছে। ইয়াৰ পিছত তেওঁ হিন্দুৰ বিৰুদ্ধে ধৰ্মীয় উচটনি দিয়া শুনা গৈছে ।
এই কুখ্যাত উগ্ৰপন্থীজনে দাবী কৰিছে যে যোৱা কেইমাহমানৰ পৰা যেতিয়াই পাকিস্তানত কোনো উগ্ৰপন্থীক হত্যা কৰা হৈছিল তেতিয়াই ছ’চিয়েল মিডিয়াত ‘আননোন গানমেন’ হেচটেগ ট্ৰেণ্ড কৰিবলৈ আৰম্ভ কৰিছিল। লস্কৰৰ উগ্ৰপন্থী হানিফে দাবী কৰিছে, ‘পাকিস্তানৰ বহু চহৰত আমাৰ ভাই-ভনীক হত্যা কৰা হৈছে। সেই বন্দুকধাৰীয়ে পেছোৱাৰ, কৰাচী, ৰাৱালপিণ্ডি, মুজাফ্ফৰাবাদ আৰু ৰাৱালকোটত বিভিন্ন ঠাইত পাকিস্তানীক হত্যা কৰিছিল।’
এই ভিডিঅ’টো ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহৰ দৃষ্টিগোচৰ হৈছে। তেওঁলোকে ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰিছে। তেওঁলোকে নিশ্চিত কৰিছে যে এই ভিডিঅ’টোত ভাষণ দিয়া দেখা ব্যক্তিজন এজন কুখ্যাত লস্কৰ সন্ত্ৰাসবাদী। ভাৰতে তেওঁক বিচাৰি আছে।
হানিফে দাবী কৰে যে ভাৰতে এই হত্যাকাণ্ড সংঘটিত কৰিছে। অৱশ্যে ভাৰতে তেওঁৰ এই দাবীক মিছা বুলি উৰুৱাই দিছে। ভিডিঅ’টোত ৰিজৱান হানিফে হিন্দু ধৰ্মৰ বিৰুদ্ধে আপত্তিজনক আৰু ঘৃণনীয় ভাষাও ব্যৱহাৰ কৰা শুনা গৈছে। বিশ্বাস কৰা হয় যে এনেদৰেই সন্ত্ৰাসবাদীয়ে ভাৰতৰ বিৰুদ্ধে ঘৃণা বিয়পাবলৈ চেষ্টা কৰিছে। ধৰ্মীয় আৱেগক আহিলা হিচাপে ব্যৱহাৰ কৰি সাধাৰণ মানুহক উগ্ৰবাদৰ দিশে টানিবলৈ চেষ্টা কৰিছে।