NORTHEAST NOW (Assamese)
অসম

বন্ধ হ’ব পাৰে অন্ধপ্ৰদেশৰ পৰা অনা মাছ, ঘোষণা মন্ত্ৰী পীযুষৰ

Posted by: কল্পজ্যোতি শইকীয়া June 29, 2018 10:55 pm

হোটেল, মিঠাইৰ দোকান আৰু ফল-মূলত তালাচী চলোৱাৰ পাছতেই আজি মহানগৰীৰ আগশাৰীৰ মাছৰ বজাৰত উপস্থিত হ’ল ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা।

উল্লেখোগ্য যে মাছত ফ’ৰমেলিন দিয়ে নেকি তাক পৰীক্ষা কৰাৰ উদ্দেশ্যে বেতকুচিৰ মাছৰ বজাৰত আজি তালাচী চলাই ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই। লগতে তেওঁৰ সৈতে যোৱা খাদ্য সুৰক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে মাছৰ চেম্প’ল সংগ্ৰহ কৰি পৰীক্ষা কৰিবৰ বাবে লৈ যায়।

আজিৰ বেতকুচিৰ মাছৰ বজাৰত অভিযান চলোৱা কালত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে মাছত ব্যৱহাৰ কৰা ফ’ৰমেলিনৰ বিৰুদ্ধে সৰৱ হৈ পৰে। বিশেষকৈ অন্ধ প্ৰদেশৰ পৰা অসমলৈ অনা মাছত এই ফ’ৰমেলিন ব্যৱহাৰ কৰা হয়নিকি সেই কথাত চকু দিয়াৰ প্ৰতি লক্ষ্য ৰখাৰ কথা উল্লেখ কৰি কয় যে, ‘অসমলৈ অন্ধ্ৰপ্ৰদেশৰ মাছৰ বেপাৰীসকলে ফ’ৰমেলিন দিয়ে নেকি সেইটো চকু ৰাখিব লাগিব। যদি ফ’ৰমালিন ব্যৱহাৰ কৰে তেন্তে অন্ধ্ৰৰ পৰা মাছ অনাই বন্ধ কৰি দিম।’

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে উক্ত বজাৰখনৰ মাছৰ বেপাৰীসকলক অনতিপলমে খাদ্য সুৰক্ষাৰ অধীনত অনুজ্ঞাপত্ৰ ল’বৰ বাবেও কয়।

আনহাতে তেওঁ হোটেল-মিঠাইৰ দোকানসমূহৰ স্বত্বাধিকাৰীক সংবাদ মাধ্যমৰ জৰিয়তে সকিয়নী প্ৰদান কৰি কয় যে ‘যিসকল ব্যৱসায়ীয়ে ভাবিছে মই আৰু তেওঁলোকৰ দোকানলৈ নাযাওঁ, তেওঁলোকে ভুল ভাবিছে। মই ১৫ দিনৰ মূৰত হ’লেও হোটেল-মিঠাইৰ দোকনসমূহলৈ যাম। মুঠতে ভেজালীকৰণ নাইকিয়া হ’ব লাগিব আৰু চাফ-চিকুণ হ’ব লাগিব।’

উল্লেখযোগ্য যে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে তেওঁক ফেচবুক আৰু টুইটাৰত জনসাধাৰণে কেৱল গুৱাহাটীৰ লোকসকলে ভাল খাদ্য খাব লাগিব নেকি কৰা প্ৰশ্নৰ উত্তৰত কয় যে, ‘মইতো কেৱল গুৱাহাটীতে খাদ্য নাখাওঁ, গোটেই অসমতে খাদ্য খাওঁ। মই জানো খাদ্যৰ যি লেতেৰা পৰিবেশ আৰু ভেজালীকৰণ সেইটো নাইকিয়া কৰিব লাগে।’

লগতে কয় যে,  ‘গোটেই অসমতে এই প্ৰক্ৰিয়াটো ত্বৰাম্বিত কৰাৰ বাবে চেষ্টা কৰা হৈছে। ইতিমধ্যে তিনিচুকীয়া, নাহৰকটীয়া, জখলাবন্ধা, নগাওঁ আদিতো খাদ্য সুৰক্ষা আৰু যোগান বিভাগে দোকান-বজাৰসমূহত তালাচী চলাইছে আৰু চেম্পল সংগ্ৰহ কৰিছে।’