NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলৰ লিকাবালিত আই টি বি পিৰ বাহনৰ ওপৰত পাহাৰৰ শিল খহি পৰি ৫ জন জোৱান নিহত

Posted by: এন ই নাও নিউজ June 30, 2018 7:49 am
accident

শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ নামনি ছিয়াং জিলাৰ সদৰ লিকাবালিৰ সমীপত পাহাৰৰ পৰা এটা প্ৰকাণ্ড শিল আৰু মাটি বাগৰি আহি ইণ্ডো-তিব্বেতান ব’ৰ্ডাৰ পুলিছৰ (আই টি বি পি) বাহন এখনৰ ওপৰত বাগৰি পৰাত আই টি বি পিৰ পাঁচজন জোৱান নিহত হয়।

লিকাবালিৰ পৰা প্ৰায় ৫ কি’লমিটাৰ আঁতৰৰ বাছাৰ-অকাজান পথত পাহাৰটোৰ ওপৰৰ পৰা এটা প্ৰকাণ্ড শিল আৰু লগতে শিল-মাটি খহি আহি আই টি বি পিৰ জোৱানসকলক কঢ়িয়াই অনা মিনি বাছখনৰ (নম্বৰ এ এছ ০১ ই চি ৩৩২৪) ওপৰত পৰে।

অৰুণাচলৰ বাছাৰত থকা আই টি বি পিৰ ৪৯ নং বেটেলিয়নৰ ২০জনীয়া জোৱানৰ দল এটা ডিব্ৰুগড়স্থিত ৯ নং আই টি বি পি বেটেলিয়নলৈ প্ৰশিক্ষণ ল’বলৈ আহি থকা অৱস্থাত বিয়লি এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত বাহনখন বিধ্বস্ত হৈ পৰে আৰু চাৰিজন জোৱান ঘটনাস্থলীতে নিহত হয়। বাকী এজনৰ লিকাবালিত চিকিৎসালয়ত মৃত্যু হয়। নিহতসকলৰ মাজত এজনক হাবিলদাৰ ধনঞ্জয় যাদৱ বুলি চিনাক্ত কৰা হৈছে। আন চাৰিজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। দুৰ্ঘটনাটোত আৰু কমেও ১০জন জোৱান আহত হৈছে।  তেওঁলোকৰ ভিতৰত পাঁচজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

উক্ত জোৱানৰ দলটোৰ সৈতে দুজন গাণনিক আৰু দুগৰাকী মহিলাও আহিছিল বুলি জানিব পৰা গৈছে। বাহনখন ভাগি যোৱাৰ পাছত মহিলা দুগৰাকী পথৰ পৰা বহুত তললৈ পৰি যায়। উদ্ধাৰকাৰী দলে পাছত ৰছীৰ সহায়ত তেওঁলোকক উদ্ধাৰ কৰে।

গুৰুতৰভাৱে আহতকেইজনক সেনাৰ বিশেষ হেলিকপ্টাৰেৰে উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰা হয়।