NORTHEAST NOW (Assamese)
অসম

চীন-ভাৰত সীমান্তত ঘটা যিকোনো ধৰণৰ অনুপ্ৰৱেশ চম্ভালিবলৈ সক্ষম ভাৰতীয় সেনা

Posted by: এন ই নাও নিউজ December 17, 2017 3:01 pm

এটা গুৰুত্বপূৰ্ণ মন্তব্যত কালি ভাৰতীয় সেনাৰ ইষ্টাৰ্ন কমাণ্ডৰ কমাণ্ডাৰ ইন চীফ লেফটেনেণ্ট জেনেৰেল অভয় কৃষ্ণই কৈছে যে বিবদমান ডোকলামকে ধৰি ভাৰত-চীন সীমান্তত হোৱা যিকোনো ধৰণৰ অনুপ্ৰৱেশৰ উপযুক্তভাৱে মোকাবিলা কৰিবলৈ ভাৰতীয় সেনা সম্পূৰ্ণকৈ সক্ষম আৰু সাজু হৈ আছে। কালি কলকাতাৰ ফ’ৰ্ট উইলিয়ামত থকা ইষ্টাৰ্ন কমাণ্ডৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত ‘বিজয় দিৱস’ ত কমাণ্ডাৰ ইন চীফজনে এই মন্তব্য কৰ।

উল্লেখযোগ্য যে ভাৰত আৰু বাংলাদেশৰ সেনাৰ দ্বাৰা কালি বিভিন্ন ঠাইত ১৯৭১ চনৰ বাংলাদেশৰ স্বাধীনতা যুঁজৰ সোঁৱৰণিত বিজয় দিৱস পালন কৰা হয়। এই দিনটোতে পাকিস্তানী সেনাই ভাৰতীয় সেনাৰ ওচৰত সেও মানিছিল, যাৰ ফলত পূব পাকিস্তানৰ ঠাইত স্বাধীন বাংলাদেশৰ জন্ম হৈছিল। কালিৰ বিজয় দিৱসত শ্ৰদ্ধাঞ্জলি অৰ্পণ কাৰ্য্যসূচীত ভাগ লোৱাৰ পিছত কমাণ্ডাৰ ইন চীফ অভয় কৃষ্ণই ভাৰতীয় সেনাৰ এই সক্ষমতাৰ কথা ৰাজহুৱা কৰে। ‘এই অঞ্চলটোত ঘটা যিকোনো দুষ্কাৰ্য্যৰ উপযুক্ত ধৰণে উত্তৰ দিয়া হ’ব।’  তেওঁ চীনৰ নাম উল্লেখ নকৰাকৈ কয়। যথেষ্ট আত্মবিশ্বাসৰ সুৰত তেওঁ আৰু কয়, ‘আমি সম্পূৰ্ণকৈ প্ৰস্তুত হৈ আছো। যিয়েই যি নকৰক, উপযুক্ত আৰু সঠিক পৰিণাম ভুগিবই।’

উল্লেখযোগ্য যে এই বছৰৰ জুন মাহত ভাৰত-চীন সীমান্তৰ ভাৰত-চীন-ভূটান সীমাৰ সন্ধিস্থলত চীনে পথ নিৰ্মাণ কৰাৰ লগতে অঞ্চলটোত চীনৰ সৈন্য সঞ্চালন কৰিছিল, যাৰ ফলত ৭৩ দিন ধৰি দুয়োখন দেশৰ মাজত এক অচলাৱস্থাৰ সৃষ্টি হৈছিল। পিছত বিষয়টো কূটনৈতিকভাৱে সমাধা কৰা হয়।

নিজৰ দেশৰ সীমাৰ সুৰক্ষা সম্পৰ্কত দৃঢ়তা প্ৰকাশ কৰি তথা সকলো পক্ষকে এক প্ৰকাৰৰ সকীয়নি দি কমাণ্ডাৰ ইন চীফ জনে কয়, ‘ভৌগোলিক অখণ্ডতা আমাৰ তেজত আছে। আমি যিকোনো পৰ্য্যায়লৈ যাব পাৰো। আমাৰ দেশ যিকোনো পৰিণামৰ বাবে সাজু আছে’।