NORTHEAST NOW (Assamese)
অসম

সদ্যপ্ৰয়াত নাট্যকৰ্মী শুক্ৰাচাৰ্য্য ৰাভাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব অসম চৰকাৰে; আদ্যশ্ৰাদ্ধত ঘোষণা

Posted by: এন ই নাও নিউজ July 1, 2018 9:12 pm

বিশিষ্ট নাট্যকৰ্মী, অভিনেতা-পৰিচালক সদ্যপ্ৰয়াত শুক্ৰেশ্বৰ ৰাভাৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব অসম চৰকাৰে।

ৰাভাৰ আদ্যশ্ৰাদ্ধত অসমৰ সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে আৰু মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে আজি ১ জুলাইত এই কথা ঘোষণা কৰে।

প্ৰতিমূৰ্তিটো ক’ত নিৰ্মাণ কৰা হ’ব সেয়া অৱশ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰা নাই।

প্ৰয়াত ৰাভাৰ নাট্য প্ৰতিভাৰ স্বাক্ষৰ নতুন প্ৰজন্মৰ মাজত সজীৱ কৰি ৰখাৰ ওপৰত মুখ্য মন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰিছে বুলি এক বিবৃতিযোগে জনাইছে।

ৰাভাৰ আদ্যশ্ৰাদ্ধৰ সকলো ব্যৱস্থা কৰিবলৈ পূৰ্বে মুখ্য মন্ত্ৰীয়ে গোৱালপাৰাৰ উপায়ুক্তক নিৰ্দেশ দিছিল।