NORTHEAST NOW (Assamese)
অসম

অতিশীঘ্ৰে আকাশবাণী গুৱাহাটীয়ে আৰম্ভ কৰিব নিজা এফ এম চেনেল : প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ

Posted by: এন ই নাও নিউজ July 3, 2018 11:14 pm

আকাশবাণী গুৱাহাটীয়ে অতিশীঘ্ৰে নিজস্ব এফ এম চেনেল আৰম্ভ কৰিব। এই এফ এম চেনেলৰ প্ৰচাৰ চলিত বৰ্ষৰ ছেপ্তেম্বৰৰ আৰম্ভ কৰা হ’ব।

আজি প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ ড০ এ সূৰ্য প্ৰকাশে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ অতিথি শালাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি এই কথা সদৰী কৰে।

তদুপৰি অসমৰ বাবে এটা নতুন চেনেল আৰম্ভ কৰাৰ প্ৰস্তাৱ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত বিবেচনাধীন হৈ আছে বুলিও তেওঁ মুখ্য মন্ত্ৰীক লগতে জনায়।

আনহাতে মুখ্য মন্ত্ৰীয়ে প্ৰচাৰ ভাৰতীৰ সংবাদ শাখাই অসমৰ লগতে উত্তৰ-পূবক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাৰ ক্ষেত্ৰত ল’ব পৰা ভূমিকাৰ বিষয়সমূহৰ ওপৰত আলোকপাত কৰে।

উল্লেখযোগ্য যে তথ্য আৰু সমপ্ৰচাৰ মন্ত্ৰালয়ে ইয়াৰ সংবাদ শাখা অধিক সক্ৰিয় কৰাৰ বাবে এক বিস্তৃত পৰিকল্পনা ইতিমধ্যে যুগুত কৰিছে বুলিও অধ্যক্ষ গৰাকীয়ে মুখ্য মন্ত্ৰীক কয়।