NORTHEAST NOW (Assamese)
অসম

ধুবুৰীত অবৈধ জুৱাৰ ঘাটি উৎখাত, দুজনক গ্ৰেপ্তাৰ

Posted by: মুকেশ কুমাৰ সিং March 16, 2018 10:31 am
gambling-570x320

ধুবুৰী জিলাৰ প্ৰশাসনে আজি ধুবুৰী চহৰৰ ১ নং ৱাৰ্ডত থকা এটা অবৈধ জুৱাৰ ঘাটি উৎখাত কৰে আৰু এই সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰে।

অভিযানটোৰ নেতৃত্বত যোৱা নিৰ্বাচনী বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ বিস্তীৰ্ণ বৰুৱাই এই কথা জানিবলৈ দিছে।

এই অসামাজিক কাৰ্যকলাপৰ  কথা জানিব পাৰি ধুবুৰীৰ উপাযুক্ত অনন্ত লাল গিয়ানীয়ে সংশ্লিষ্ট কাৰ্যবাহী দণ্ডাধীশগৰাকীক ধুবুৰী চহৰৰ কংগ্ৰেছ দলৰ কাৰ্যালয়ৰ সমীপত থকা গদাধৰ ক্লাৱত তালাচী চলাই দীৰ্ঘদিনৰ পৰা ক্লাৱটোৰ সদস্যসকলে চলাই অহা অবৈধ জুৱাৰ ঘাটি উৎখাত কৰিবলৈ নিৰ্দেশ দিয়ে।

অভিযানটোৰ নেতৃত্ব দিয়া বৰুৱাই কয় যে ক্লাৱটোত মূল দুৱাৰখন বন্ধ কৰি ভিতৰত প্ৰায় সাত-আঠজন লোকে জুৱা খেলি আছিল আৰু তালাচীৰ শব্দ শুনাৰ লগে লগে তেওঁলোকৰ মাজৰ ছয়জনে পূৰ্বৰে পৰা নিৰ্দিষ্ট কৰি ৰখা গোপন পথেৰে ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ কৰা ক্লাৱৰ সদস্য দুজনক হাকিম আলী আৰু আনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁলোকক জিলা কৰ্তৃপক্ষৰ দলটোৱে জিম্মাত লৈছে।

ঘটনাস্থলীৰ পৰা এক বৃহৎ সংখ্যক চিপ্চ (নগদ ধনৰ ঠাইত ব্যৱহাৰ কৰা চিপ্চ) উদ্ধাৰ কৰা হয়।

এই সন্দৰ্ভত ক্লাৱটোৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে বুলি বৰুৱাই জানিবলৈ দিয়ে। ইয়াৰ মাজতে জিলা প্ৰশাসনে ক্লাৱ চৌহদটো তলা লগাই দিয়ে।

উল্লেখযোগ্য যে এমাহ আগতে উপায়ুক্ত অনন্ত লাল গিয়ানীয়ে ধুবুৰী চহৰৰ বয়ে’জ ক্লাৱত এনেধৰণে অভিযান চলাই ক্লাৱটো বন্ধ কৰি দিছিল আৰু জুৱা চক্ৰৰ সৈতে জড়িত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছিল।