NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ১৭ সংখ্যক সমাৱৰ্তনত অৰূপ কুমাৰ দত্তক ডি লিট উপাধি প্ৰদান

Posted by: এনই নাও নিউজ March 16, 2018 11:17 am

কালি বৃহস্পতিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰদ ৰাভা ৰংগমঞ্চত বিশ্ববিদ্যালয়খনৰ ১৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠিত হয়।

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ অলক কুমাৰ বুঢ়াগোহাঁয়ে পৌৰোহিত্য কৰা এইবাৰৰ সমাৱৰ্তনত দেশৰ আগশাৰীৰ জৈৱ ৰসায়নবিদ তথা পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানপ্ৰাপক আই আই এছ চি বেংগালুৰৰ প্ৰাক্তন সঞ্চালক পদ্মনাভন বলৰামে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

আনহাতে সমাৱৰ্তনত ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য জগদীশ মুখিয়ে অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও ব্যক্তিগত অসুবিধাৰ বাবে তেওঁ অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰিলে। তেওঁ অনুপস্থিতিত উপাচাৰ্য গৰাকীয়েই আচাৰ্যৰ হৈ লিখিত ভাষণ পাঠ কৰে।

উল্লেখযোগ্য যে কালিৰ সমাৰোহত বিশিষ্ট লেখক তথা সাংবাদিক অৰূপ কুমাৰ দত্তক বিশ্ববিদ্যলয়খনৰ তৰফৰ পৰা সন্মানীয় উপাচাৰ্য বুঢ়াগোহাঁয়ে ডি লিট উপাধি প্ৰদান কৰে।

ইয়াৰ উপৰি সমাৱৰ্তন সমাৰোহত মুঠ ১০,৪৫০ গৰাকী শিক্ষাৰ্থীক বিভিন্ন বিষয়ত স্নাতকোত্তৰ, এম ফিল, পি এইছ ডি ডিগ্ৰী প্ৰদান কৰা হয়।