NORTHEAST NOW (Assamese)
অসম

মাজুলীৰ বাট-পথ উন্নয়নৰ বাবে ১০০ কোটি টকা মুকলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Posted by: মিটু খাটনিয়াৰ July 4, 2018 1:44 pm
Screenshot_20180703-134603_Video Player

মাজুলী জিলাৰ স্বাস্থ্য সেৱাখণ্ড, পথ-যোগাযোগ ব্যৱস্থা তথা বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে মঙলবাৰে মাজুলীত উপস্থিত হোৱা অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ বাট-পথ উন্নয়নৰ বাবে অতিৰিক্তভাৱে এশ কোটি টকা মুকলি কৰাৰ কথা ঘোষণা কৰে।

ইয়াৰ উপৰি কমলাবাৰীৰ পৰা গড়মূৰ-জেংৰাই হৈ ঢকুৱাখনালৈ যোৱা পথচোৱা টু লেন কৰিব বুলিও উল্লেখ কৰাৰ লগতে কামৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ উদ্দেশ্যে জিলাখনলৈ প্ৰতিমাহে মুখ্য অভিযন্তাক আহিবলৈও নিৰ্দেশ প্ৰদান কৰে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য আৰু গড়কাপ্তানি বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগত হোৱা আলোচনাৰ সময়তে জিলাখনত চলি থকা সকলো প্ৰকল্প অহা ৩১ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

ইফালে এই বৈঠকৰ অন্তত নিশা মন্ত্ৰীগৰাকী মাজুলীৰ বিভিন্ন দল-সংগঠন, নাগৰিক সমাজৰ প্ৰতিনিধিৰ সৈতেও এক আলোচনাত মিলিত হয়। এই পৰ্যালোচনা বৈঠকত সাংসদ শ্ৰীযুত প্ৰদান বৰুৱা, বিধায়ক বিমল বৰা, উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰ আৰু আৰক্ষী অধীক্ষক  হীতেশ ৰায় উপস্থিত থাকে।

জানিব পৰা মতে মন্ত্ৰী শৰ্মাই দুদিনীয়া ভ্ৰমণসূচী সামৰি আজি মাজুলীৰ পৰা উভতি আহে।