NORTHEAST NOW (Assamese)
অসম

ছাত্ৰ-ছাত্ৰী পঢ়াৰ সময়ত যে বাহিৰলৈ যাব লাগে সেই কথাৰ ক’ত আইন আছে : মৃণাল শইকীয়া

Posted by: কল্পজ্যোতি শইকীয়া July 5, 2018 11:28 pm
Mrinal Sailkia

‘কোন কেনেকৈ নেতা হ’ল সেইটো আমাৰ গুৰুত্ব দিবলগীয়া বিষয় নহয়। কিন্তু এটা বস্তু ভূল হৈ থাকিব বুলিয়েই যে তাক ভূল হৈ থাকিব দিম তাৰ মানে নাই। ইমান দিনৰ পূৰণা বেমাৰ এটা কেনেকৈ সোনকালে ভাল হ’ব, তাৰ বাবে ব্যৱস্থা ল’ব লাগিব।’ এই মন্তৱ্য আইন ৰূপায়ণ সমিতিৰ অধ্যক্ষ তথা খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ।

পাঠদান চলি থকাৰ সময়ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক আন্দোলনত অংশ গ্ৰহণ কৰাত নিষেধাজ্ঞা জাৰি কৰাৰ সম্পৰ্কত নৰ্থ-ইষ্ট নাওৰ ফালৰ পৰা বিধায়ক গৰাকীক যোগাযোগ কৰাত তেওঁ এইদৰে কয়।

উল্লেখযোগ্য যে ছাত্ৰ-ছাত্ৰীক আন্দোলন কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ পাছতে কিছুসংখ্যক লোকে চ’ছিয়েল মেডিয়াৰ জৰিয়তে সৰ্বানন্দ সোণোৱালকে ধৰি অন্য প্ৰভাৱশালী ৰাজনৈতিক নেতাই ছাত্ৰাৱস্থাৰ পৰাই আন্দোলন কৰি ৰাজনৈতিক ক্ষেত্ৰখনত দপ-দপাই আছে মন্তব্য কৰিছিল।

আনহাতে এইক্ষেত্ৰত কোন কেনেকৈ নেতা হ’ল তাত গুৰুত্ব নিদি বহুদিন ধৰি চলি অহা বেমাৰ এটা ভাল কৰাতহে গুৰুত্ব প্ৰদান কৰা হ’ব বুলি মন্তৱ্য কৰে মৃণাল শইকীয়াই।

‘ছাত্ৰ-ছাত্ৰী পঢ়াৰ সময়ত যে বাহিৰলৈ যাব লাগে সেই কথাৰ ক’ত আইন আছে’ বুলি প্ৰশ্ন কৰি তেওঁ কয় ‘পঢ়াৰ সময়ত পঢ়া-শুনা কৰাটোহে আইন।’

‘এগৰাকী ভাল শিক্ষক হিচাপে কিছুমান নীতি-নিয়ম থাকিব লাগে।‘ এইবুলি কৈ তেওঁ লগতে কয় ‘সেই নীতি-নিৰ্দেশনা অনুসৰি বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰী বাহিৰলৈ ওলিয়াই পঠালে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ পৰা অনুমতি ল’ব লাগিব নাইবা ওপৰৰ কোনো শিক্ষা বিষয়াৰ পৰা অনুমতি ল’ব লাগিব।‘

শিক্ষকসকলৰ প্ৰতি প্ৰশ্ন কৰে, ‘আন্দোলনলৈ ১০ বজাতে ছাত্ৰ-ছাত্ৰীসকলক ওলিয়াই পঠালে বিদ্যালখনৰ বাবে বন্ধৰ দিন হ’ব। সেইটো অধিকাৰ ক’ত পালে শিক্ষকসকলে?’

‘আন্দোলনৰ ক্ষেত্ৰতে হওঁক বা বেলেগ ক্ষেত্ৰতে হওঁক বিদ্যালয় পাঠদান চলি থকাৰ সময়ত বাহিৰলৈ ওলাই আহিব নোৱাৰে সেই ক্ষেত্ৰতহে আমি কঠোৰ হৈছে তথা শিক্ষকসকলক জোৰ কৈ এই নীতি-নিৰ্দেশনা মানিবলৈ দিছো।‘ মৃণাল শইকীয়াই কয়।

আনহাতে বিদ্যালয় পৰ্য্যায়ত এই নিয়ম বান্ধি দিছে নে মহাবিদ্যালয় পৰ্য্যায়তো এই নিয়মসমূহ প্ৰযোজ্য হ’ব বুলি তেওঁক সোধাত তেওঁ কয় যে মহাবিদ্যালয় পৰ্য্যায়তো এই প্ৰযোজ্য হয়, কিন্তু ছাত্ৰ-ছাত্ৰীসকলে নিজেই আইন নামানে। তেওঁলোকে শ্ৰেণীকোঠাতে উপস্থিত নাথাকে। সেয়েহে বিদ্যালয়ৰ পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলকে এই নিৰ্দেশনা মানিবৰ কাৰণে কৈছো।

আনহাতে, শিক্ষকসকলৰ প্ৰতি সকীয়নি প্ৰদান কৰি তেওঁ কয় ‘যদি ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনা কৰাৰ সময়ত আন্দোলন কৰিবলৈ বাহিৰলৈ ওলাই যায়, তেন্তে তেওঁলোকে আমাক ক’ব লাগিব কি কাৰণত বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীসকল বাহিৰলৈ ওলাই আহিল।’

তদুপৰি আইন সমিতিয়ে লোৱা এই সিদ্ধান্তত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই সমৰ্থন জনোৱা বুলি উল্লেখ কৰি লগতে কয়, ‘শ্ৰেণী চলি থকা সময়ত এনেধৰণে ছাত্ৰ-ছাত্ৰীসকলক বাহিৰলৈ পঠোৱা শিক্ষকসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ’ব।‘

লক্ষণীয় কথা যে ছাত্ৰ-ছাত্ৰীসকলৰ কথা চিন্তা কৰিয়েই নে ছাত্ৰ সংগঠন সমূহক দূৰ্বল কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা চৰকাৰে হাতত লৈছে সেয়া সময়ত লক্ষণীয় হ’ব।