NORTHEAST NOW (Assamese)
অসম

পুনৰ বিপদত পংকজ পাঠক; সোণাপুৰ থানাত এজাহাৰ দাখিল দিচাং ৰিজ’ৰ্টৰ

Posted by: এন ই নাও নিউজ July 9, 2018 6:23 pm

সুস্বাস্থ্য ৰক্ষাৰ বাবে ঘৰুৱা দৰৱৰ বিধান দি অসমজুৰি একে সময়তে জনপ্ৰিয় আৰু সমালোচিত হোৱা পংকজ পাঠকৰ বিৰুদ্ধে দিচাং ৰিজ’ৰ্টে আজি ৯ জুলাইত সোণাপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

ৰিজ’ৰ্টখন বৰ্জন কৰিবলৈ ফে’ছবুক প’ষ্টযোগে জনোৱা এক আহ্বানৰ বাবে পাঠকৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে।

কৰ্মচাৰীক নিৰ্য্যাতন কৰি পলাই থকা মুকেশ হুণ্ডাইৰ পৰিচালন সঞ্চালক ঋষভ হিম্মৎচিংকাক ৰিছৰ্টখনত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰা বুলি উল্লেখ কৰি পাঠকে ৰিজ’ৰ্টখন বৰ্জন কৰিবলৈ ফে’ছবুক প’ষ্টযোগে আহ্বান জনাইছিল।

pankaj pathak
পংকজ পাঠকৰ ফে’ছবুক প’ষ্ট

কিন্তু ৰিজ’ৰ্ট কৰ্তৃপক্ষই নৰ্থ ইষ্ট নাও-ক জনোৱা মতে হিম্মৎসিংকা তেওঁলোকৰ তাত কফি খাবৰ বাবেহে প্ৰৱেশ কৰিছিল। কৰ্মচাৰীজনে জনাইছিল যে হিম্মৎসিংকাই ক’ৰ পৰা আহি তেওঁলোকৰ তাত সোমাইছিল তেওঁলোকে নাজানে।

আনহাতে আৰক্ষীয়ে নৰ্থ ইষ্ট নাও-ক জনোৱা মতে হিম্মৎসিংকাই শ্বিলঙৰ পৰা আহি থকাৰ পথত গুৱাহাটীৰ দাঁতিকাষৰীয়া সোণাপুৰৰ দিচাং নামৰ ৰিজ’ৰ্টখনত প্ৰৱেশ কৰিছিল।

পংকজ পাঠকৰ বিবাহ বহিৰ্ভূত অবৈধ সম্পৰ্ক থকা বুলি পূৰ্বে তেওঁৰ পত্নীয়ে এক এজাহাৰ দাখিল কৰিছিল।