NORTHEAST NOW (Assamese)
অসম

হোটেলৰ লেতেৰা পৰিৱেশ : পল্টনবজাৰৰ ৩খন হোটেল বন্ধ ৰখাৰ নিৰ্দেশ ৰাজ্যিক মন্ত্ৰী পীযূষ হাজৰিকাৰ

Posted by: এন ই নাও নিউজ July 9, 2018 8:01 pm
pijush-hazarika

আজি স্বাস্থ্য আৰু পৰিয়াল বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই এটা দৃষ্টান্তমূলক পদক্ষেপেৰে অতৰ্কিত পৰিদৰ্শন অভিযান চলায় গুৱাহাটীৰ কেইখনমান হোটেলত। বিশেষকৈ পল্টনবজাৰ অঞ্চলত কেইবাখনো হোটেলত আকস্মিকভাৱে প্ৰৱেশ কৰি ৰাজ্যিক মন্ত্ৰীজনে হোটেলকেইখনৰ খাদ্য ৰন্ধা আৰু পৰিৱেশ ব্যৱস্থাটোৰ পৰিদৰ্শন কৰে।

পৰিদৰ্শনৰ সময়ত বেছিকেইখন হোটেলতে অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য ৰন্ধাৰ কথা মন্ত্ৰীজনৰ চকুত পৰে। জানিব পৰামতে নিম্নতম স্বাস্থ্যকৰ পৰিৱেশ বৰ্তাই নৰখা বাবে আজি মন্ত্ৰীজনে পল্টনবজাৰৰ কামাখ্যা, ৰাজা আৰু গ্ৰীন ভিউ –এই ৩খন হোটেলক শাস্তিস্বৰূপে ৩ দিন পৰ্য্যন্ত বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে। স্বাস্থ্যবিধি মানি নচলা বাবেই এই হোটেলকেইখনক এই শাস্তি দিয়া হৈছে বুলি জানিব পৰা গৈছে।

এই অভিযানৰ সময়ত মন্ত্ৰীজনে আন কেইবাখনো হোটেলক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশ ঠিক কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। মন্ত্ৰীজনে এই হোটেলবোৰক ১০ দিনৰ সময়সীমা বান্ধি দিয়ে।

মন কৰিব লগীয়া যে মহানগৰীত বহুতো হোটেলে অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য ৰন্ধা আৰু পৰিৱেশনৰ কাম কৰি আছে। বহুতো হোটেলে নিম্নতম স্বাস্থ্যবিধি মানি নচলে। এইবোৰত দিয়া আমিষ খাদ্যত বহুতে সন্দেহ প্ৰকাশ কৰি আহিছে। পচা মাছ-মাংস দিয়া, ছাগলীৰ বুলি কুকুৰৰ মাংস দিয়া আদি অভিযোগো সময়ে সময়ে উত্থাপিত হৈ আহিছে।

আনহাতে বহুতো হোটেল আৰু ৰেষ্টুৰেণ্টৰ এই ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় FSSAI Food Business License নাই, যিটোৰ সৈতে জনস্বাস্থ্যৰ দিশ জড়িত হৈ আছে।