NORTHEAST NOW (Assamese)
অসম

গো ক’ৰ’ণা, গো ক’ৰ’ণা…মন্ত্ৰ মাতি ট্ৰাম্পৰ দেহৰ পৰা ক’ৰ’ণা দূৰ কৰাৰ চেষ্টা চলালে কোনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 3, 2020 3:37 pm
Virender-Sehwag

মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প সপত্নীক ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ খবৰে এতিয়া বিশ্বজুৰি বেছ চৰ্চা লাভ কৰিছে।

কিয়নো সমগ্ৰ বিশ্বই যেতিয়া ক’ৰ’ণাকলৈ আতংকিত হৈ আছে সেই সময়তে ট্ৰাম্পে সম্পূৰ্ণ বেপৰোৱা ভাবেৰে মাস্ক নিপিন্ধাকৈয়ে ঘূৰি ফুৰিছিল।

সেয়ে ট্ৰাম্প ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ খবৰটো বহুতৰে বাবে আলোচনাৰ বিষয় হৈ পৰিছে।

এনে সময়তে বহুতে ছ’চিয়েল মিডিয়াত ট্ৰাম্পৰ ক’ৰ’ণা হোৱাৰ কথাকলৈ টিপ্পনীও দিয়া দেখা গৈছে।

ছ’চিয়েল মিডিয়াত সততে সক্ৰিয় হৈ থকা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহবাগেও ট্ৰাম্পৰ ক’ৰ’ণা হোৱাৰ প্ৰসংগত এটা বিশেষ টুইট কৰিছে।

সাধাৰণতে প্ৰায় ভাগ সামাজিক বিষয়কলৈ ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা সেহৱাগে বহু প্ৰখ্যাত ব্যক্তিকলৈ ইয়াৰ পূৰ্বেও ৰসিকতা ভৰা মন্তব্য কৰিছে।

এইবাৰ ট্ৰাম্পৰ ক’ৰ’ণাকলৈ সেহবাগে সাধুৰ ৰূপত থকা এখন ছবি দি লিখিছে ‘ট্ৰাম্পক কোভিডৰ সৈতে মোকাবিলা কৰিবলৈ বাবা সেহৱাগৰ আশীৰ্বাদ। গো ক’ৰ’ণা গো ক’ৰ’ণা গো ক’ৰ’ণা’।

উল্লেখ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্পৰ শৰীৰত কালি ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে নিশা টুইটাৰযোগে তেওঁ আৰু পত্নী ক’ৰ’না প’জিটিভ হোৱাৰ কথা প্ৰকাশ কৰে।

”আজি নিশা, পত্নী আৰু মোৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। আমি কোৱাৰেণ্টাইনত আছো আৰু চিকিৎসা গ্ৰহণ কৰি আছো। এই সময়ত আমি একেলগে আছো,” ৰাষ্ট্ৰপতি ট্ৰাম্পে এইদৰে টুইট কৰে।

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ উপৰিও পত্নী মেলেনিয়া ট্ৰাম্পেও টুইটাৰ যোগে তেওঁলোক ক’ৰ’না প’জিটিভ হোৱা বুলি প্ৰকাশ কৰে।