২৯ ডিচেম্বৰত শান্তি চুক্তিঃ দিল্লীলৈ ৰাওনা হৈছে আলফাৰ আলোচনাপন্থী ফৈদৰ প্ৰতিনিধি দল

অহা ২৯ ডিচেম্বৰৰ সন্ধিয়া ৫ বজাত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক শান্তি চুক্তিত স্বাক্ষৰ কৰিব আলফাৰ আলোচনাপন্থী ফৈদে।
এই উদ্দেশ্যে আজি গুৱাহাটীৰ পৰা দিল্লী অভিমুখে ৰাওনা হৈছে আলফাৰ আলোচনাপন্থী ফৈদৰ এটা প্ৰতিনিধি দল।
আলফাৰ এই প্ৰতিনিধি দলটোত সভাপতি আৰবিন্দ ৰাজখোৱা, বৈদেশিক সচিব শশধৰ চৌধুৰী, উপ-মুখ্য সেনাধ্যক্ষ ৰাজু বৰুৱা, প্ৰাণজিত শইকীয়া, প্ৰদীপ হাজৰিকাকে ধৰি ১৬ জন সদস্য আছে।
এই ত্ৰিপাক্ষিক শান্তি চুক্তিৰ স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু আলফাৰ আলোচনাপন্থী ফৈদৰ আলোচনাৰ মাজত স্বাক্ষৰিত শান্তি চুক্তিয়ে অসমত চিৰস্থায়ী শান্তি কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে।
লক্ষণীয়ভাৱে সোমবাৰে আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়া আৰু অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত আলফা নেতৃত্বই নতুন দিল্লীত চৰকাৰী প্ৰতিনিধিৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিল।
ইতিমধ্যে আলফাৰ আলোচনাপন্থী ফৈদে ভাৰত চৰকাৰৰ ওচৰত বহুকেইটা দাবী উত্থাপন কৰিছে।
এই দাবীসমূহৰ ভিতৰত আছে অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ১০২টা খিলঞ্জীয়াৰ বাবে সংৰক্ষিত কৰা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান, ছয়টা খিলঞ্জীয়া জনজাতিক এছ টি মৰ্যাদা প্ৰদান, অসমৰ বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা, শিক্ষানুষ্ঠান আৰু চৰকাৰী চাকৰিত খিলঞ্জীয়াৰ বাবে ৮৮ শতাংশ আসন সংৰক্ষণ প্ৰদান ইত্যাদি।
আলোচনাপন্থী আলফা গোটৰ এই তৎপৰতাৰ বিপৰীতে অৱশ্যে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)- এ এতিয়াও শান্তি আলোচনাত সন্মতি প্ৰকাশ কৰা নাই।