NORTHEAST NOW (Assamese)
অসম

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘ হত্যাৰ লগত জড়িত আন দুই চোৰাংচিকাৰী গ্ৰেপ্তাৰ

Posted by: প্ৰণব কুমাৰ দাস July 11, 2018 11:30 am
Two poachers arrested in Orang National Park

ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিগত বৰ্ষতে এটা আঠজনীয়া চোৰাংচিকাৰীৰ দলে বিহ দি এটা প্ৰকাণ্ড বাঘ হত্যা কৰিছিল। আৰু সেই বাঘ হত্যাকাণ্ডৰ সৈতে জড়িত দুজন অপৰাধীক মঙলবাৰে বন বিভাগে আটক কৰে।

আটকাধীন চোৰাং চিকাৰী দুজন শোনিতপুৰ জিলাৰ টেকিয়াজুলী থানাৰ অন্তৰ্গত ফটাশিলমলুৰ ৰেজেক আলী আৰু ফজল আলী বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

উল্লেখযোগ্য যে বাঘটো হত্যাৰ পাছতে হাড়, ছাল, নখ বিক্ৰী কৰি থকা অৱস্থাত উদ্যান কৰ্তৃপক্ষই সম্ভেদ পাই এক অভিযান চলাই ছায়াৰাম মুছাহাৰীক আটক কৰে। কিন্তু আন এজন চিকাৰী ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়।

কিন্তু বন বিভাগৰ ধাৰাবাহিক অভিযানৰ ফলতে জুনৰ শেষৰ ফালে আলম আলী আৰু ৭ জুলাইত ওৰাং বন বিভাগে অন্য চাৰিজন ক্ৰমে আব্দুল কাছেম, জিয়াবুৰ ৰহমান, ৰফুল আহমেদ আৰু আইজুল ইছলামক দাতা ছোমালীৰ পৰা কৰায়ত্ত কৰে।

ইতিমধ্যে কৰায়ত্ত আটাইকেইজন চোৰাং চিকাৰীয়ে বাঘটোৰ হত্যাত জড়িত আছিল বুলি স্বীকাৰোক্তি দিয়াৰ উপৰি আন আন বাঘ হত্যাটো জড়িত থকাৰ কথা পোহৰলৈ অহাত আটাইকেইজনকে জেল হাজোতলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে উক্ত বাঘ হত্যাত জড়িত আটাইকেইজন চোৰাং চিকাৰীয়ে বৰ্তমান আৰক্ষীৰ কৱলত বুলি বন বিভাগে জনায়।