NORTHEAST NOW (Assamese)
Popular Stories

‘২১ নহয়, ৪৯ দিনীয়া ল’কডাউনেহে ভাৰতত ক’ৰ’না সংক্ৰমণ ৰোধিব পাৰিব’, কেম্ব্ৰিজৰ গৱেষকৰ দাবী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 29, 2020 6:53 pm
2_111456841_india

ভাৰতত ক’ৰ’না ভাইৰাছ প্ৰতিহত কৰিবলৈ ২১ দিন নহয় প্ৰয়োজন হ’ব ৪৯ দিনীয়া ল’কডাউনৰ।

কেম্ব্ৰিজ বিশ্বিবদ্যালয়ৰ এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে।

গ্ৰেইট বৃট্ৰেইনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ভাৰতীয়মূলৰ গৱেষক ৰ’ণোজয় অধিকাৰীয়ে গাণিতিক পদ্ধতিত কৰা এক অধ্যয়নত প্ৰকাশ কৰিছে যে ক’ৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ ভাৰতত ২১ দিনীয়া ল’কডাউনে পৰ্যাপ্ত দিন নহয়।

তেওঁলোকৰ মতে অতি কমেও ৪৯ দিনীয়া ল’কডাউনেহে ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণক প্ৰতিৰোধ কৰিব পাৰিব।

বিশ্ববিদ্যালয়খনৰ প্ৰায়োগিক গাণিতিক আৰু তাত্ত্বিক পদাৰ্থ বিজ্ঞান বিভাগৰ গৱেষক অধিকাৰীয়ে অন্য এজন গৱেষক ৰাজেশ সিঙৰ সহযোগত কৰা অধ্যয়নত কোৱা হৈছে যে ভাৰতৰ দৰে জনবহুল এখন দেশত সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ এক সময় নিৰ্ভৰ গাঠনিগত ব্যৱস্থাৰ প্ৰয়োজন হ’ব যিটোৱে ক’ৰ’না ভাইৰাছ সংক্ৰমণক প্ৰতিৰোধ কৰিব পাৰিব। আৰু তাৰ বাবে প্ৰয়োজন হ’ব ৪৯ দিনীয়া ল’কডাউনৰ।

উল্লেখ্য যে যোৱা ২৪ মাৰ্চৰ পৰা আৰম্ভ হোৱা ১২ দিনীয়া ল’কডাউনৰ এই সময়ছোৱাত ১০০০ ৰো অধিক আক্ৰান্ত লোকক চিনাক্ত কৰাৰ বিপৰীতে ২৫ জন আক্ৰান্তৰ মৃত্যু ঘটিছে।

তাৰে ৪৭ জন আক্ৰান্ত আছিল বিদেশী আৰু বাকীসকল ভাৰতীয় নাগৰিক।