NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ চূড়ান্ত খচৰা : অসমৰ পৰা সম্ভাৱ্য অনুপ্ৰৱেশক লৈ শংকিত মমতা বেনাৰ্জী

Posted by: এন ই নাও নিউজ July 12, 2018 10:14 am
Mamata-678x381

উচ্চতম ন্যায়ালয়ে অহা ৩০ জুলাই এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ সময়সীমা নিৰ্দ্ধাৰণ কৰি দিয়াৰ পিছত চূড়ান্ত খচৰা প্ৰকাশৰ বাবে সাজু হৈ উঠাৰ সময়তে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উত্তৰ বংগৰ আলিপুৰ দুৱাৰৰ স্থানীয় প্ৰশাসনক অসমৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ নিৰ্দেশ দিছে।

ৰাষ্ট্ৰীয় বাতৰি কাকত দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা ভাগি আহিব পৰা লোকক লৈ মমতা ‘চিন্তিত’ হৈ পৰিছে আৰু ‘’চবুৰীয়া অসমৰ পৰিস্থিতি সম্পৰ্কে সতৰ্ক হৈ থাকিবলৈ’’ বিষয়াসকলক নিৰ্দেশ দিছে।

বুধবাৰে আলিপুৰ দুৱাৰত এখন প্ৰশাসনীয় পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ত আলোকপাত কৰে আৰু খণ্ড উন্নয়ন বিষয়াসকলক ‘’অসমৰ পৰা যদি কোনো অনুপ্ৰৱেশৰ ঘটনা তেওঁলোকৰ নজৰলৈ আহে’’ তেতিয়াহ’লে লগে লগেই জিলা দণ্ডাধীশক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে।

মমতাৰ উদ্ধৃতি দি বাতৰিটোত কোৱা হৈছে যে ‘’অসমত কিছু সমস্যা চলি আছে। তাৰ পৰা লোক ভাগি অহাৰ সম্ভাৱনা আছে। আপোনালোকে তাৰ প্ৰতি সজাগ দৃষ্টি ৰাখিব,’’-বুলি মমতাই কয়।

ইয়াৰ আগেয়ে যোৱা ৩১ ডিচেম্বৰৰ নিশা এন আৰ চিৰ প্ৰথম খচৰা প্ৰকাশ পোৱাৰ সময়তো মমতা বেনাৰ্জীয়ে প্ৰতিক্ৰিয়া প্ৰাকশ কৰিছিল। তেওঁ ‘’এন আৰ চিত নাম অন্তৰ্ভুক্ত নকৰি অসমৰ পৰা বঙালীসকলক খেদি পঠোৱাৰ ষড়যন্ত্ৰ ৰচা বুলি’’ কেন্দ্ৰীয় চৰকাৰক দোষাৰোপ কৰিছিল।

অসমত উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত এন আৰ চি উন্নীতকৰণৰ কাম চলি আছে আৰু ইয়াৰ জৰিয়তে অসমত ১৯৫১ চনৰ এন আৰ চি উন্নীত কৰি স্থায়ী বাসিন্দাসকলক চিনাক্ত কৰাৰ লগতে অবৈধ প্ৰব্ৰজনকাৰীক বিচাৰি উলিওৱাৰ প্ৰচেষ্টা চলোৱা হৈছে।