NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ সৰ্বত্ৰে ড্ৰাগছৰ বেহা!, লক্ষাধিক পৰিমাণৰ ড্ৰাগচসহ কামৰূপত এজন ব্যৱসায়ীক আটক আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 26, 2021 10:46 am
Drugs

দীৰ্ঘ দিনৰ পৰাই যে সমগ্ৰ ৰাজ্যতে ড্ৰাগছসহ নিচাজাতীয় দ্ৰৱ্যৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত আছিল সেয়া আৰক্ষীয়ে কিছুদিনৰ পৰা দেখুওৱা তৎপৰতাৰ পৰাই প্ৰমাণ হৈছে।

ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ বৃহৎ সাসলনিৰ পিছৰ পৰা জিলাসমূহৰ নৱনিযুক্ত আৰক্ষী অধীক্ষকসকলৰ নেতৃত্ব ড্ৰাগছৰ বিৰুদ্ধে চলা অভিযানসমূহে প্ৰমাণ কৰিছে যে অসমত আছে ড্ৰাগছৰ এখন বৃহৎ বজাৰ।

মধ্য অসমৰ বিশেষকৈ নগাঁও জিলাৰ আৰক্ষী আনন্দ মিশ্ৰই ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তোলাৰ পিছতে ৰাজ্যৰ অন্য জিলাসমূহতো ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰা হৈছে।

এই অভিযানৰ ফলস্বৰূপে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ সকলোতে ড্ৰাগছ সৰবৰাহকাৰীৰ চক্ৰক উৎখাত কৰিবলৈ আৰক্ষীয়ে চেষ্টা কৰা পৰিলক্ষিত হৈছে।

ইয়াৰ সমান্তৰালভাৱে কালি কামৰূপ জিলাতো আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন লোকক আটক কৰিবলৈ সক্ষম হৈছে।

সোমবাৰে নিশা গোপন সূত্ৰৰ পম খেদি কামৰূপ জিলাৰ বকো আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰায়ৰ নেতৃত্ব যোৱা এটা অভিযানকাৰী দলে সোণতলী বজাৰৰ ৰেজাউল হক নামৰ এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক আটক কৰে।

কুখ্যাত ড্ৰাগছ ব্যৱসায়ীজনক আটক কৰি আৰক্ষীয়ে জেৰা চলাই মংগলবাৰে আবেলি সোণতলী বজাৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি সোনতলী বজাৰ পৰা লক্ষাধিক টকাৰ মূল্যৰ ১২১ টা ড্ৰাগছ কণ্টেইনাৰ, ৯ টা খালী কণ্টেইনাৰ আৰু ৭৩.৪৫০ গ্ৰাম নিষিদ্ধঘোষিত ড্ৰাগছ জব্দ কৰিছে।

বকো আৰক্ষীয়ে অভিযান চলাই সোণতলীৰ পৰা ৰেজাউল হকক আটক কৰি বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিলেও অঞ্চলটোৰ বিভিন্ন ঠাইত এতিয়াও ড্ৰাগছৰ অবাধ বেহা চলি আছে বুলি স্থানীয় ৰাইজে অভিযোগ তুলি সেইবোৰৰ বিৰুদ্ধেও আৰক্ষীক অভিযান চলাবলৈ দাবী জনাইছে।