NORTHEAST NOW (Assamese)
অসম

সোণাৰি নগৰৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সোণাৰি আঞ্চলিক আছুৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ July 12, 2018 3:37 pm
AASU on India's New Education Policy 2020

চৰাইদেউ জিলাৰ সদৰ চহৰ সোণাৰিৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ সোণাৰি আঞ্চলিক সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

নগৰখনৰ লাচিত উদ্যানত এক বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ সংগঠনটোৰ কৰ্মীসকলে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে যে সোণাৰি পৌৰসভা কৰ্তৃপক্ষৰ কৰ্মজ্ঞানহীনতাৰ বাবেই সোণাৰি নগৰৰ উন্নয়ন স্থবিৰ হোৱাৰ লগতে দিনক দিনে নগৰখনত এক কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে স্বচ্ছ ভাৰতৰ নামত চৰকাৰ-প্ৰসাশনৰ ফালৰ বিভিন্ন সময়ত স্বচ্ছতাৰ অভিযান চলাই থকা দেখা যায় যদিও সোণাৰিকে ধৰি ৰাজ্যৰ কোনো এখন নগৰতে ইয়াৰ বিশেষ কোনো প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই।

আনহাতে সোণাৰিৰ বাট-পথৰ দুৰৱস্থা, বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা বিকল হৈ থকা, ষ্ট্ৰীট লাইট বিকল হৈ থকা আদি বিভিন্ন সমস্যা সমাধাণৰ দাবীত সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই ইতিপুৰ্বে জিলা উপায়ুক্ত তথা পৌৰসভা কৰ্তৃপক্ষক স্মাৰকপত্ৰ প্ৰদান কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছিল যদিও আজিলৈকে কোনো ধৰনৰ ব্যৱস্থা লোৱা দেখা নগ’ল।

যাৰ ফলত নগৰখনৰ স্থানীয় ৰাইজ অতিষ্ঠ হৈ পৰাৰ লগতে আছুৰ সোণাৰি আঞ্চলিক সমিতিয়ে আজি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰি শীঘ্ৰেই নগৰৰ সমস্যা সমূহ সমাধাণ কৰিবলৈ প্ৰশাসনক দাবী জনায়।