NORTHEAST NOW (Assamese)
অসম

মাজুলীৰ ভয়াৱহ খহনীয়াৰ বুজ ল’লে স্থানীয় বিধায়ক তথা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

Posted by: মিটু খাটনিয়াৰ July 13, 2018 7:52 am
IMG-201807121

‘মাজুলীৰ সামগ্ৰীক উন্নয়নৰ কাৰণে অসম চৰকাৰে যি সমুহ আঁচনি ৰূপায়ন কৰিছে সেই সকলোখিনি আটকধুনীয়াকৈ কৰাৰ বাবে বিশেষ প্ৰচেষ্টা হাতত ল’ব ৰাজ্য চৰকাৰে। একেদৰে মাজুলীৰ স্থায়ী ভৌগোলিক সুৰক্ষাৰ বাবে চলিত বছৰৰ অক্টোবৰ মাহৰ পৰা কাম আৰম্ভ কৰিম’। এই ভাষ্য অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

বৃহস্পতিবাৰে সন্ধিয়া মাজুলীৰ ফুলনিত এটা অস্থায়ী আৰক্ষী চকি উদ্বোধন কৰি ভাষণ প্ৰসংগত এই কথা ব্যক্ত কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মুখ্য মন্ত্ৰী সোণোৱালে প্ৰসংগক্ৰমে কয় যে মাজুলী-যোৰহাট সংযোগী দলঙ নিৰ্মাণৰ বাবে চাউথ ইণ্ডিয়াৰ এটা কোম্পানিৰ জৰিয়তে ডিপিআৰ ৰ কাম চলি আছে আৰু যদি সকলো ঠিকেই থাকে তেন্তে অক্টোবৰৰ শেষৰফালে দলঙৰ টেণ্ডাৰ মুকলি হ’ব ।

উল্লেখ্য যে কালি বিয়লি চাৰি বজাত মাজুলীত উপস্থিত হোৱা মুখ্য মন্ত্ৰী গৰাকীয়ে ইয়াৰ পূৰ্বে জেংৰাইমূখৰ বৰপমুৱা আৰু কুমাৰবাৰী অঞ্চলৰ খহনীয়া পৰিদৰ্শন কৰি ৰাইজৰ লগত মত বিনিময় কৰে। খহনীয়া প্ৰতিৰোধি বিভিন্ন অস্থায়ী আঁচনি বৰ্তমান ৰূপায়ন কৰাৰ বিপৰীতে অক্টোবৰ মাহৰ পৰা স্থায়ী আঁচনিৰ কাম হাতত লোৱাৰ আশ্বাস দিয়ে ।

উক্ত সভাতে মাজুলীক আইকনিক জিলা হিচাপে স্বীকৃতি দিয়াৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ দাখিল কৰাৰ বিষয়েও মাজুলীৰ জনসাধাৰণক জনায়।

এই অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ লগত উপস্থিত থাকে পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম, জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে জয়ন্ত মল্ল বৰুৱা, ৰনোজ পেগু, বিমল বৰা, পদ্মেশ্বৰ দলে।