NORTHEAST NOW (Assamese)
অসম

অসৎ প্ৰক্ৰিয়াৰে সম্পত্তিৰ পাহাৰ গঢ়া মহতৰ বিৰুদ্ধে ই ডিৰ অভিযোগনামা

Posted by: এন ই নাও নিউজ July 13, 2018 10:13 am
Untitled-design-18-2

অসৎ উপায়েৰে সম্পত্তিৰ পাহাৰ গঢ়া মহতৰ বিৰুদ্ধে শেহতীয়াকৈ এনফ’ৰ্চমেণ্ট সঞ্চালকালয় চমুকৈ ই ডিয়ে দাখিল কৰিছে অভিযোগনামা। ইতিমধ্যে কাৰাদণ্ডৰে দণ্ডিত হৈ কাৰাগাৰত থকা মহৎ তালুকদাৰৰ বিৰুদ্ধে ই ডিয়ে ‘পি এম এল এ’ আইনৰ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল আৰু প্ৰাথমিক তদন্তৰ পাছত বৃহস্পতিবাৰে ই ডিয়ে তেওঁৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল কৰে।

জানিব পৰা মতে ই ডিয়ে দাখিল কৰা অভিযোগনামাত তালুকদাৰৰ বিৰুদ্ধে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য উন্মোচিত হোৱাত পুনৰ এবাৰ চৰ্চালৈ আহিছে অসৎ উপায়েৰে উপাৰ্জন কৰা মহৎ।

তথ্য অনুসৰি গুৱাহাটীৰ পাণবজাৰস্থিত ষ্টেট বেংক শাখাত তালুকদাৰৰ এটা দৰমহা একাউণ্ট আৰু এটা জমা একাউণ্ট আছে। এই একাউণ্ট দুটাত দৰমহাৰ উপৰি সোমাইছিল ব্যাপক হাৰত ধন। একাউণ্ট দুটাত সোমোৱা ধনৰ উৎসৰ তথ্য দিয়াত ব্যৰ্থ হৈছে তালুকদাৰ।

ইয়াৰ উপৰি ফিক্সড ডিপ’জিট একাউণ্টত থকা ১৫ লাখ টকাৰ উৎস সম্পৰ্কতো কোনো ধৰণৰ তথ্য ভিত্তিক প্ৰমাণ দিব নোৱাৰিলে প্ৰাক্তন ডিএফঅ’ গৰাকীয়ে। দুয়োটা একাউণ্টতে জমা হৈ থকা মুঠ ২ কোটি ৯০ হেজাৰ টকাৰ  উৎস জনাব নোৱাৰা এইজন ভ্ৰস্ত লোকৰ বিৰুদ্ধে ই ডিৰ গোচৰত আইন তথা আদালতে কি ৰায় প্ৰদান কৰে সেয়া লক্ষণীয় হ’ব।

মন কৰিবলগীয়া যে ২০১৬চনৰ ১৩ জুনত দুৰ্নীতি নিৰীক্ষন আৰু তদাৰকী কোষৰ হাতত এখন চালান বিহিন ট্ৰাকৰ চালকৰ পৰা ৩০হাজাৰ টকাৰ উৎকোচ লওঁতেই গ্ৰেপ্তাৰ হৈছিল মহৎ তালুকদাৰ। ইয়াৰ পিছতে ৰাজ্যবাসী স্তম্ভিত হৈছিল তালুকদাৰৰ সম্পত্তিৰ তালিকা দেখি। দুৰ্নীতি নিবাৰক শাখাই তালুকদাৰৰ ঘৰৰ পৰা প্ৰায় ২.৭১ কোটি টকা, ৯৪৫.৫৬৩ গ্ৰাম সোণৰ আ-অলংকাৰৰ লগতে বিভিন্ন বনৰীয়া জীৱ-জন্তুৰ সা-সামগ্ৰী উদ্ধাৰ কৰিছিল।