NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা অভয়াৰণ্যত স্থাপন কৰা হ’ব অপৰিবাহী তৰপযুক্ত বিদ্যুৎ পৰিবাহী তাঁৰ

Posted by: এন ই নাও নিউজ July 13, 2018 5:22 pm
Entrance-of-Kaziranga-National-Park-678x381

অসমৰ শক্তি মন্ত্ৰী তপন কুমাৰ গগৈয়ে ঘোষণা কৰিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰৰ দুটা এলিফেণ্ট কৰিড’ৰত অপৰিবাহী তৰপযুক্ত বিদ্যুৎ পৰিবাহী তাঁৰ (covered conductors or cables )ব্যৱহাৰ টনা হ’ব।

কালি কৰা শক্তি মন্ত্ৰীগৰাকীয়ে কৰা এই কথা ঘোষণা অনুসৰি হাতীখুলি আৰু কাজিৰঙাৰ ওচৰৰ পৰ্যটক ফীডাৰত মুঠ ১১ কিঃ মিঃ দূৰত্ব ব্যাপী অপৰিবাহী তৰপযুক্ত বিদ্যুৎ পৰিবাহী তাঁৰ টনা হ’ব।

এই প্ৰকল্পৰ বাবে প্ৰয়োজনীয় মুঠ ২.৫ কোটি টকা অসম চৰকাৰে বহন কৰিব।

ইতিমধ্যে নিবিদা আহ্বানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু অপৰ আৰু ৰে’চেম নামৰ কম্পানী দুটাক অভয়াৰণ্যখনত স্থাপন কৰিব লগীয়া সৰ্বাধুনিক প্ৰযুক্তিৰ  অপৰিবাহী তৰপযুক্ত বিদ্যুৎ পৰিবাহী তাঁৰ যোগানৰ বাবে ছৰ্ট-লিষ্টেড কৰা হৈছে বুলি শক্তি মন্ত্ৰী গগৈয়ে প্ৰকাশ কৰিছে।