NORTHEAST NOW (Assamese)
অসম

২০ জুলাইৰ পৰা দেশজোৰা অনিৰ্দিষ্টকালীন চকাবন্ধলৈ সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সমৰ্থন

Posted by: এন ই নাও নিউজ July 14, 2018 10:27 am
চকাবন্ধ

অহা ২০ জুলাইৰ পৰা অনিৰ্দিষ্ট কাললৈ নিখিল ভাৰত মটৰ পৰিবহণ কংগ্ৰেছে আহ্বান জনোৱা চকা বন্ধ কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াইছে সদৌ অসম মটৰ পৰিবহণ সন্থাই।

সন্থাই অসমৰ ব্যাৱসায়িক যান-বাহনৰ ভাৰা শীঘ্ৰে পুনৰ নিৰ্ধাৰণ কৰা, আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে অধিগ্ৰহণ কৰা গাড়ীৰ ভাৰা পুনৰ নতুনকৈ নিৰ্ধাৰণ কৰি পুনৰ জাননী জাৰি কৰাৰ দাবীত অনিৰ্দিষ্টকালীন চকাবন্ধৰ কাৰ্যসূচীলৈ সমৰ্থন জনোৱাৰ কথা সদৰী কৰিছে।

সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সচিব প্ৰধান প্ৰদীপ দাসে এটা বিবৃতিযোগে চকা বন্ধৰ সময়ছোৱাত বান সাহায্য কঢ়িয়াই নিয়া যান-বাহন, গাখীৰ, পানী, বিজুলী আৰু ৰোগী কঢ়িওৱা যান-বাহনক ৰেহাই দিয়াৰ কথা প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে পেট্ৰলজাত সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰা, প্ৰেট্ৰলজাত সামগ্ৰী জি এছ টিৰ অধীনলৈ অনা, দেশত টোলগে’ট ব্যৱস্থা বন্ধ কৰা আৰু প্ৰতি বছৰে অত্যধিক হাৰত থাৰ্ড পাৰ্টি বীমা কৰ বৃদ্ধিৰ ব্যৱস্থা বন্ধ কৰাৰ দাবীত নিখিল ভাৰত মটৰ পৰিবহণ কংগ্ৰেছে ২০ জুলাইৰ পুৱা ৬ বজাৰ পৰা অনিৰ্দিষ্ট কাললৈ চকা বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছে।

উক্ত চকাবন্ধৰ ফলত সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। কিয়নো চকাবন্ধৰ ফলত ৰাজ্যৰ বাহিৰৰ পৰা আহিবলগীয়া নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ যোগান বন্ধ হৈ পৰিলে বজাৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব।