NORTHEAST NOW (Assamese)
অসম

ব্ৰু শৰণাৰ্থীৰ প্ৰত্যাৱৰ্তনৰ বিষয়টো পৰ্যবেক্ষণৰ বাবে ত্ৰিপুৰাত উপস্থিত গৃহ মন্ত্ৰ্যালয়ৰ প্ৰতিনিধি

Posted by: এন ই নাও নিউজ July 16, 2018 12:17 pm
Bru-refugees-570x320

মিজোৰামৰ ব্ৰু শৰণাৰ্থীসকলৰ প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ অভ্যন্তৰীণ সুৰক্ষা শাখাৰ বিশেষ সচিব মহেশ কুমাৰ ছিংলা ত্ৰিপুৰাত উপস্থিত হৈছে।

প্ৰায় ৩০,০০০ তকৈয়ো অধিক শৰণাৰ্থীৰ প্ৰস্তাৱিত প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়াটো সম্পৰ্কে দেওবাৰে ছিংলাই উত্তৰ ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ ৰাভল এইচ কুমাৰৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

উল্লেখ্য যে একাংশ শৰণাৰ্থীয়ে মিজোৰামলৈ তেওঁলোকক উভতাই পঠোৱাৰ বিৰুদ্ধে যোৱা দুদিনমানৰ পৰা অনশন কাৰ্যসূচী চলাই আছে।

উত্তৰ ত্ৰিপুৰাৰ কাঞ্চনপুৰ মহকুমাৰ নাইছিংহপাৰা শৰণাৰ্থী শিৱিৰৰ অনশনকাৰী শৰণাৰ্থীসকলে প্ৰত্যাৱৰ্তন আৰম্ভ হোৱাৰ আগতেই আগধন আদায় দিয়াটো বিচাৰিছো।

ত্ৰিপাক্ষিক চুক্তি অনুসৰি আভ্যন্তৰীণ সংঘাতৰ বাবে স্থানান্তৰিত হৈ ছয়টা শৰণাৰ্থী শিৱিৰত আশ্ৰয় লৈ থকা ব্ৰু শৰণাৰ্থীসকলে ৩০ ছেপ্টেম্বৰৰ ভিতৰত গৃহভূমি  মিজোৰামলৈ উভতি যাব লাগিব। আনহাতে, অক্টোবৰৰ প্ৰথম সপ্তাহৰ ভিতৰত সকলোবোৰ শৰণাৰ্থী শিৱিৰ বন্ধ কৰি দিয়া হ’ব।