NORTHEAST NOW (Assamese)
অসম

চামগুৰিত চাৰিটাকৈ অবৈধ কাঠফলা মিল উৎখাত কৰিলে বন বিভাগে; আটক কৰিব নোৱাৰিলে এজনো লোকক

Posted by: বিদ্যুৎ জ্যোতি বৰা July 17, 2018 8:12 pm

নগাঁও জিলা বন সংমণ্ডল কাৰ্যালয়ৰ অধীনৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত  কুটাইৱনী, কাৱৈমাৰী, নলতলী আৰু মাগুৰমাৰীত বন বিভাগে আজি অভিযান চলাই চাৰিটাকৈ অবৈধ চোৰাং কাঠফলা মিল উৎখাত কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে নগাঁও জিলাৰ  ডি এফ অ’ শুভাশীষ দাসে গোপন খবৰ লাভ কৰি  শালনা আঞ্চলিক বন কাৰ্যালয়ৰ ৰেঞ্জাৰক নিৰ্দেশ দিয়াত আজি পুৱা প্ৰায় সাত বজাৰ পৰা শালনা ৰেঞ্জাৰ চেলিম আহমেদৰ নেতৃত্বত আৰু নগাঁও সদৰ ৰেঞ্জ, প্ৰটেকশ্যন ৰেঞ্জৰ  সহযোগত অবৈধ চোৰাং কাঠ ফলা মিলৰ বিৰুদ্ধে অভিযান চলাই।

প্ৰথম অৱস্থাত অভিযানকাৰী দলটোৱে কুটাইৱণি গাঁৱৰ আবুল কালাম নামৰ লোকজনৰ অবৈধ কাঠ ফলা মিলটো উৎখাত কৰে। অৱশ্যে অভিযানকাৰী দলটোৱে কোনো লোককে আটক কৰিবলৈ সক্ষম নহ’ল।

পৰৱৰ্তী সময়ত অভিযানকাৰী দলটোৱে কাৱৈমাৰী গাঁৱৰ আব্দুল আজিজ, মাগুৰমাৰী গাঁৱৰ ৰুফুল আলী আৰু কলিয়াবৰৰ নলতলীৰ মোহন হাজৰিকাৰ অবৈধ কাঠফলা মিল কেইটা উৎখাত কৰে।

কিন্তু মন কৰিব লগীয়া যে অভিযানকাৰী বৃহৎ বন কৰ্মীৰ দলটোৱে অবৈধ কাঠফলা মিলকেইটাৰ এজনো লোকক আটক কৰিব নোৱাৰা ঘটনাই স্থানীয় সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।