NORTHEAST NOW (Assamese)
Popular Stories

অখিল গগৈৰ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানে কৰা ‘অপকাৰ’ক লৈ মন্তব্য আলফা (স্বাধীন)ৰ

Posted by: এন ই নাও নিউজ July 17, 2018 9:24 pm
Paresh_Baruah ulfa(i)

কাজিৰঙাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জাতীয় অৰ্কিড উদ্যানৰ অন্তৰ্গত প্ৰায় ৬ বিঘা মাটিত উচ্ছেদ কৰিবলৈ অসম চৰকাৰে লোৱা পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰি উদ্যানখনে কি ‘অপকাৰ’ কৰিছে ৰাজহুৱা কৰিবলৈ মুখ্য মন্ত্ৰী সোণোৱালক আহ্বান জনাইছে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)এ।

‘অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানে অসমৰ মাটি আৰু মানুহৰ কি অপকাৰ কৰিছে তাক ৰাইজে বুজি পোৱাকৈ প্ৰকাশ কৰক,’ সোণোৱাল চৰকাৰক আহ্বান আলফা (স্বাধীন)ৰ।

‘জনসমাদৃত’ উদ্যানখনক ‘তথাকথিত পৰিৱৰ্তনকামী চৰকাৰখনে উচ্ছেদ কৰিবলৈ লোৱা পদক্ষেপক’ সংগঠনটোৱে ‘তীব্ৰ বিৰোধিতা’ কৰিছে। এই পদক্ষেপ ‘বিজেপিৰ আক্ৰোশমূলক ও নিম্নৰুচিৰ ৰাজনীতি,’ আজি ১৭ জুলাইত নৰ্থ ইষ্ট নাও-লৈ প্ৰেৰিত বিবৃতিত মন্তব্য আলফা (স্বাঃ)ৰ প্ৰচাৰ সদস্য ৰুমেল অসমৰ।

মুখ্য মন্ত্ৰী সোণোৱালক কাৰ স্বাৰ্থত কাম কৰি আছে বুলি প্ৰশ্ন কৰি সংগঠনটোৱে পতঞ্জলি আৰু চাহ বাগানৰ মাটিক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে।

‘পতঞ্জলিক ইমান বৃ্হৎ চৰকাৰী মাটি আবণ্টন দিয়াৰ ৰহস্য কি? ক্ষমতা আছে যদি বৃ্হৎ চাহ কম্পেনিবোৰে অতি কম দৰত খাজনা দি থকা তথা অবৈধভাৱে দখল কৰি থকা থলগিৰীৰ মাটিবোৰত উচ্ছেদ চলাব পাৰিবনে?’ সোণোৱালক প্ৰত্যাহ্বান বিদ্ৰোহী সংগঠনটোৰ।

উল্লেখযোগ্য যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যানখন উচ্ছেদ কৰিব খোজা চৰকাৰী নিৰ্দেশৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া হৈছিল।

অৰ্কিড উদ্যান সমবায় সমিতিৰ সাধাৰণ সম্পাদক ৰতন দাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা ডব্লিউ পি চি ৮৩৮৪/১৮ নং লেখ আবেদনৰ পিছত উচ্ছেদৰ ক্ষেত্ৰত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে যোৱা ১১ জুলাইত স্থগিতাদেশ জাৰি কৰিছিল।

এই সন্দৰ্ভত অহা ২০ জুলাইত গুৱাহাটী উচ্চ ন্যায়ালয়ত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।