NORTHEAST NOW (Assamese)
অসম

চামগুৰিত মুকলি ব্ৰাহ্মণ সমাজৰ স্থায়ী কাৰ্যালয়

Posted by: বিদ্যুত জ্যোতি বৰা July 19, 2018 11:54 am
9b755147-1ff5-4fae-b8b8-e7387e3b3731

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত শ্ৰী শ্ৰী ব্ৰহ্মচাৰী সত্ৰত বুধবাৰে চামগুৰি প্ৰাথমিক ব্ৰাহ্মণ  সমাজৰ এটা স্থায়ী  কাৰ্যালয়ৰ শুভাৰম্ভ কৰা হয়৷

কাৰ্যালয়টো উদ্বোধন কৰে নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ সম্পাদক নৰেন্দ্ৰ নাথ শৰ্মাই। আৰু ইয়াৰ পাছতে বিষ্ণু হোমৰে পুজা অৰ্চনা কৰা হয় কাৰ্যালয়টো।

পুজাৰ অন্তত চামগুৰি প্ৰাথমিক ব্ৰাহ্মণ  সমাজৰ সভাপতি দিগেন গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন মুকলি সভা। সভাত বিশিষ্ট অতিথি হিচাপে নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ সম্পাদক নৰেন্দ্ৰ নাথ শৰ্মা, মদন মোহন গোস্বামী,  ৰাজেন বৰঠাকুৰকে ধৰি বহু কেইজন গন্য মান্য লোক উপস্থিত থাকি ভাষন প্ৰদান কৰে।

আনহাতে উক্ত অনুষ্ঠানতেই চামগুৰি প্ৰাথমিক ব্ৰাহ্মন সমাজৰ পুৰণি  সমিতিখন  ভংগ  কৰি  সতিশ শৰ্মাক সভাপতি আৰু বাবুল শৰ্মাক সম্পাদক হিচাপে লৈ এখন ১১ জনীয়া নতুন সমিতি গঠন কৰে বুলি ব্ৰাহ্মন সমাজে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।