NORTHEAST NOW (Assamese)
অসম

চামগুৰিৰ চাপানালাৰ পৰা কিশোৰী সন্ধানহীন; মানৱ সৰবৰাহকাৰী কবলত পৰাৰ সন্দেহ

Posted by: বিদ্যুৎ জ্যোতি বৰা July 19, 2018 11:45 am

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চাপানালা অঞ্চলৰ পৰা এগৰাকী কিশোৰী সন্ধানহীন হোৱা ঘটনা পলমকৈ পোহৰলৈ অহাত সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে চাপানালাৰ  গড়চুক বেবেজিয়া গাঁৱৰ বিশ্বনাথ গোৱলাৰ কন্যা অচিলা গোৱলা (১৪) নামৰ কিশোৰী গৰাকী যোৱা ১৫ জুলাইৰ দিনৰ প্ৰায় ৯ বজাত ঘৰৰ পৰা ওলাই যোৱাৰে পৰা সন্ধানহীন হয়।

পৰিয়ালৰ লোকে কিশোৰ গৰাকীক বহু বিচাৰ-খোচাৰ কৰিছিল যদিও কিশোৰী গৰাকীৰ কোনো সন্ধান লাভ নকৰিলে। ফলত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে চামগুৰি আৰক্ষী থানাত কালি এজাহাৰ দাখিল কৰে।  লগতে কোনো লোকে কিশোৰী গৰাকীৰ সন্ধান পালে ৯৯৫৪৮৭৩৮০৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

ইতিমধ্যে  চামগুৰি আৰক্ষীয়ে উক্ত ঘটনাৰ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ মন কৰিব লগীয়া যে স্থানীয় ৰাইজেও কিশোৰীগৰাকী সন্ধানহীন হোৱাৰ বিষয়ে কালি পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰাৰ পিছতহে অৱগত হয়। কিশোৰী গৰাকী স্থানীয় লোকে মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।