NORTHEAST NOW (Assamese)
অসম

চলন্ত ৰে’লতে গুলীচালনা! আৰ পি এফ জোৱানৰ গুলীত নিহত সহকাৰী উপ পৰিদৰ্শক সহ ৪ জন

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী July 31, 2023 9:59 am

এক শিহৰণকাৰী ঘটনা। পুৱাই মুম্বাই-জয়পুৰ এক্সপ্ৰেছত গুলীচালনা। চলন্ত ৰে’লতে গুলীত নিহত কমেও চাৰিজন লোক। নিহতসকলৰ ভিতৰত এজন আৰ পি এফৰ সহকাৰী উপ পৰিদৰ্শক বুলি জানিব পৰা গৈছে। বাকী তিনিজন যাত্ৰী। আৰ পি এফৰ এজন জোৱানৰ বিৰুদ্ধে উত্থাপন হৈছে গুলীচালনাৰ অভিযোগ।

মহাৰাষ্ট্ৰৰ পালঘৰৰ সমীপত চলন্ত ৰে’লত এনে ঘটনা সংঘটিত হোৱাৰ পিছত যাত্ৰীসকল অতিশয় আতংকিত হৈ পৰে। এই ঘটনাক কেন্দ্ৰ কৰি এক উত্তেজনাৰ সৃষ্টি হৈছে। খবৰ লাভ কৰাৰ পিছত ৰে’লৱেই তদন্ত আৰম্ভ কৰিছে। আগ্নেয়াস্ত্ৰসহ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক: কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ মণিপুৰৰ দুই নিৰ্যাতিতা; আজি শুনানি

পশ্চিম ৰে’লৱেৰ সূত্ৰ অনুসৰি সোমবাৰে পুৱা জয়পুৰ-মুম্বাই এক্সপ্ৰেছ গাড়ীখনে পালঘৰ ষ্টেচনৰ পৰা ওলাই অহাৰ পিছতে সংঘটিত হয় এই ঘটনা। তেতিয়া সময় আছিল ৰাতিপুৱা ৫ টা। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ৰে’লৰ বি-৫ কম্পাৰ্টমেণ্টত থকা আৰ পি এফৰ এজন জোৱানে নিজৰ বন্দুকৰে নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। গুলীত চাৰিজন লোক বাগৰি পৰে।

ইয়াৰ পিছত দহিছাৰ ষ্টেচনত ৰে’লখন প্ৰৱেশ কৰাৰ সময়তে অভিযুক্তই ৰে’লৰ পৰা জপিয়াই পলাবলৈ চেষ্টা কৰে। কিন্তু ধৰা পৰে। আগ্নেয়াস্ত্ৰসহ তেওঁক আটক কৰা হয়। অভিযুক্তৰ নাম চেতন সিং বুলি জানিব পৰা গৈছে।

ইপিনে, আহত ৪ জন লোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ পিছত চিকিৎসকে মৃত বুলি ঘোষণা কৰে। জানিব পৰা মতে, নিহতসকলৰ ভিতৰত এজন আৰ পি এফৰ সহকাৰী উপ-পৰিদৰ্শকও আছে। বাকী তিনিজন সাধাৰণ যাত্ৰী।

লগতে পঢ়ক: ‘যুদ্ধ এতিয়া ৰাছিয়াত প্ৰৱেশ কৰিছে’; মস্কোত ড্ৰ’ন আক্ৰমণৰ পিছত মন্তব্য জেলেনস্কিৰ

পশ্চিম ৰে’লৱেৰ তথ্য অনুসৰি, অভিযুক্ত আৰ পি এফৰ কনিষ্টবল চেতন সিঙে কিয় ইমান মাৰাত্মক আক্ৰমণ সংঘটিত কৰিলে সেই সন্দৰ্ভত তদন্ত অব্যাহত আছে। এই ঘটনাত যাত্ৰীসকল সম্পূৰ্ণৰূপে স্তম্ভিত হৈ পৰিছে। চলন্ত ৰে’লত এনে আক্ৰমণৰ ঘটনাত আতংকিত হোৱাৰ লগতে ৰে’লৱেৰ সুৰক্ষাকলৈও পুনৰ প্ৰশ্ন উত্থাপিত হৈছে।