• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘যুদ্ধ এতিয়া ৰাছিয়াত প্ৰৱেশ কৰিছে’; মস্কোত ড্ৰ’ন আক্ৰমণৰ পিছত মন্তব্য জেলেনস্কিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2023 8:14 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মস্কোত ড্ৰ’ন আক্ৰমণৰ পিছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে কয় যে যুদ্ধ এতিয়া ৰাছিয়াত প্ৰৱেশ কৰিছে। দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধত ৰাছিয়াৰ সীমান্তত আক্ৰমণ অনিবাৰ্য আছিল বুলিও তেওঁ কয়। তেওঁ মন্তব্য কৰে যে এই আক্ৰমণ স্বাভাৱিক আৰু ন্যায়সংগত।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, দেওবাৰে তেওঁলোকে তিনিখন ইউক্ৰেইনৰ ড্ৰ’ন গুলীয়াই ভূপতিত কৰে। দুখন ড্ৰ’ন কাৰ্যালয় ভৱনত বিধ্বস্ত হয় ।

এই আক্ৰমণৰ ফলত কেন্দ্ৰস্থল মস্কোৰ পৰা দক্ষিণ-পশ্চিমে থকা ভনুকোভ’ বিমানবন্দৰ এঘণ্টাৰ বাবে বন্ধ হৈ পৰে।

Apply Now

লগতে পঢ়ক: পাকিস্তানত ৰাজনৈতিক সভাত বোমা বিস্ফোৰণত কমেও ৪০ জনৰ মৃত্যু; আহত ১৫০জন

দেওবাৰে পুৱাৰ ভাগত এই আক্ৰমণৰ পূৰ্বে ৰাছিয়াৰ অভ্যন্তৰত কেইবাটাও পৰ্যায়ত আক্ৰমণ সংঘটিত হৈছে। মস্কোৱে এই আক্ৰমণৰ বাবে ইউক্ৰেইনক দোষাৰোপ কৰিছে যদিও তেওঁলোকে ইয়াৰ দায়িত্ব স্বীকাৰ কৰা নাই।

অৱশ্যে পশ্চিম ইউক্ৰেইনৰ ইভানো-ফ্ৰেংকিভস্ক চহৰৰ পৰা ভিডিঅ’ বাৰ্তাত জেলেনস্কিয়ে কয় যে ইউক্ৰেইন শক্তিশালী হৈ আহিছে। তেওঁ কয় যে আজি এই কথিত বিশেষ সামৰিক অভিযানৰ ৫২২ সংখ্যক দিন। ৰাছিয়াৰ নেতৃত্বই ভাবিছিল যে সেইটো কেইসপ্তাহমানৰ পিছত শেষ হ’ব।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যুদ্ধ লাহে লাহে ৰাছিয়াৰ সীমান্তলৈ ঘূৰি আহিছে। যুদ্ধখন পুনৰ নিজৰ প্ৰতীকী কেন্দ্ৰ আৰু সামৰিক ঘাটিসমূহলৈ ঘূৰি আহিছে। ই অনিবাৰ্য, স্বাভাৱিক আৰু সম্পূৰ্ণ ন্যায়সংগত।

উল্লেখ্য যে ইউক্ৰেইনৰ সীমান্তৰ পৰা প্ৰায় ৫০০ কিলোমিটাৰ (৩১০ মাইল) দূৰত্বত অৱস্থিত মস্কোক ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইনত পূৰ্ণাংগ আক্ৰমণ আৰম্ভ কৰাৰ পিছত খুব কমেইহে লক্ষ্য কৰি লোৱা হৈছে।

লগতে পঢ়ক: মণিপুৰৰ হিংসাত চীনৰ হাত আছে -প্ৰাক্তন সেনা প্ৰধান  মনোজ মুকুন্দৰ বিস্ফোৰণ

কিন্তু ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে যোৱা কেইমাহমানত ইউক্ৰেইনে নিজৰ ভূখণ্ডত ধাৰাবাহিকভাৱে ড্ৰ’ন আক্ৰমণ চলাইছে, যাৰ ভিতৰত ৰাজধানীখনত চলোৱা কেইবাটাও আক্ৰমণো আছে।

আটাইতকৈ উল্লেখযোগ্য আছিল মে’ মাহত যেতিয়া ৰাছিয়াই দাবী কৰিছিল যে ইউক্ৰেইনে দুখন ড্ৰ’ন ব্যৱহাৰ কৰি ক্ৰেমলিন – চহৰখনৰ হৃদপিণ্ড আক্ৰমণ কৰিছিল। ইউক্ৰেইনে ক্ৰেমলিনক আক্ৰমণ কৰা বা ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক লক্ষ্য কৰি লোৱাৰ কথা অস্বীকাৰ কৰে।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে যিটো ভূখণ্ড ২০১৪ চনত ৰাছিয়াই নিজৰ অধীনলৈ লৈছিল, ইউক্ৰেইনে সেই ক্ৰিমিয়াত নিশাটোৰ ভিতৰতে এক ড্ৰ’ন আক্ৰমণ চলাইছিল।

লগতে পঢ়ক: বিমানত মনে মনে নিদ্ৰাৰত ধোনীৰ ফটো তুলি অপমানিত হ’ল বিমান পৰিচাৰিকা

ইপিনে, ইউক্ৰেইনৰ বিষয়াসকলে কয় যে দেশখনৰ উত্তৰ-পূবৰ চুমি চহৰত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে পাঁচজন লোক আহত হৈছে। শনিবাৰে দক্ষিণৰ চহৰ জাপোৰিজ্জিয়াত দুজন লোকৰ মৃত্যু হোৱা বুলিও বিষয়াসকলে জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd